NORTHEAST NOW (Assamese)
দেশ

বিহাৰত ৩১ জনলৈ বৃদ্ধি সুৰাপান কৰি মৃত্যু হোৱা লোকৰ সংখ্যা

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী December 16, 2022 1:40 pm

১৩ ডিচেম্বৰৰ দিনা বিহাৰৰ সাৰণ জিলাত ভেজাল তথা বিষাক্ত সুৰাপান কৰি অসুস্থ হৈ পৰিছিল কেইবাগৰাকীও লোক। একেদিনাই মৃত্যু হৈছিল কেইবাজনো লোকৰ। এতিয়া মৃত্যুৰ সংখ্যা বৃদ্ধি পাইছে ৩১ জনলৈ।      

কেইবাজনো লোক চিকিৎসালয়ত ভৰ্তি হৈ আছে। চিকিৎসকৰ মতে মৃতকৰ সংখ্যা আৰু বৃদ্ধি পাব পাৰে।

খবৰ অনুসৰি বিহাৰৰ সাৰণ জিলাত ১৩ ডিচেম্বৰত একাংশ লোকে বিষাক্ত সুৰা পান কৰিছিল। তাৰ লগে লগে তেওঁলোকৰ বমি হ’বলৈ ধৰিলে। পিছত চিকিৎসালয়লৈ যোৱাৰ পথত একাংশৰ মৃত্যু হয়। বাকী কেইজনৰ চিকিৎসাধীন অৱস্থাত বুধবাৰ আৰু বৃহস্পতিবাৰে মৃত্যু হয়।

এই ঘটনাৰ পিছত সেই অঞ্চলৰ অবৈধ সুৰাৰ দোকান বন্ধ কৰাৰ বাবে অভিযান চলোৱা হৈছে। ইতিমধ্যে ১২৬ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। দুটা গোচৰ ৰুজু কৰা হৈছে।

মন কৰিবলগীয়া যে যোৱা জুলাই মাহত গুজৰাটত মিশ্ৰিত সুৰা সেৱন কৰি কমেও ৪২ জন লোকৰ মৃত্যু হৈছিল। ২০২০ চনত পঞ্জাৱত সুৰা সেৱনৰ ফলত ১২০ জন লোকৰ মৃত্যু হৈছিল।

এতিয়া প্ৰশ্ন হয়, ড্ৰাই ষ্টেট বিহাৰত কেনেদৰে সুৰা সেৱন কৰি মৃত্যুই হবলৈ পালে ৩১ জনকৈ লোক? মুখ্যমন্ত্ৰী নীতিশ কুমাৰ এতিয়া সন্মুখীন হৈছে এই প্ৰশ্নৰ।