Gaurav Gogoi lashes out at Centre: ‘চীন-ভাৰত সংঘাত বিষয়ত মোডী চৰকাৰৰ DDLJ নীতি’: তীব্ৰ সমালোচনা গৌৰৱ গগৈৰ

Gaurav Gogoi lashes out at Centre মোডী চৰকাৰে DDLJ নীতিৰে ভাৰত-চীন সীমান্ত সংঘাতৰ বিষয়ত আগবাঢ়িছে। এই অভিযোগ তুলি কংগ্ৰেছ নেতা গৌৰৱ গগৈয়ে বিজেপি চৰকাৰৰ ওপৰত তীব্ৰ ক্ষোভ উজাৰিছে।
স্বাভাৱিকতে DDLJ শব্দটোৰে যিকোনো ভাৰতীয়ই শ্বাহৰুখ খান আৰু কাজল অভিনীত ব্লকবাষ্টাৰ ছবি ‘দিলৱালে দুলহানিয়া লেজায়েংগে’ৰ কথাই মনলৈ আনিব পাৰে। কিন্তু গৌৰৱৰ বক্তব্যত প্ৰকাশ পোৱা DDLJ কিছু পৃথক।
গৌৰৱ গগৈয়ে কয় যে মোডী চৰকাৰে চীনৰ সৈতে ‘ডিনাই, ডিচট্ৰাক্ট, লাই, জাষ্টিফাই’ৰ DDLJ নীতিৰে চীনৰ সৈতে সীমান্ত বিবাদৰ বিষয়ত আগবাঢ়ি আছে।
লগতে পঢ়ক: নেচনেল হেৰাল্ড গোচৰ: ছোনিয়া গান্ধীলৈ পুনৰ ইডিৰ চমন, ২১ জুলাইত হাজিৰ হ’বলৈ নিৰ্দেশ
এই চাৰিটা শব্দত গৌৰৱ গগৈয়ে ক’ব বিচাৰিছে, অস্বীকাৰ কৰা, দৃষ্টি অঁতৰাই দিয়া, মিথ্যাচাৰ আৰু ইয়াক ন্যায়সঙ্গত কৰা”, মোডী চৰকাৰে চীনৰ সৈতে ভাৰতৰ সীমান্ত সংঘাতক এনেদৰে আগুৱাই নিছে।
কংগ্ৰেছৰ মুখপাত্ৰ গৌৰৱ গগৈয়ে কয় যে চৰকাৰৰ ভাষা ক্ৰমান্বয়ে দুৰ্বল হৈ আহিছে।
গৌৰৱ গগৈয়ে কয়, “এনে লাগিছে যে কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰ আৰু চীনৰ বৈদেশিক মন্ত্ৰী ৱাংলিয়েৰ মাজত হোৱা বৈঠকৰ পাছতো উত্তৰ লাডাখ সীমান্তত স্থায়ী সমাধানৰ কোনো পথ মুকলি হোৱা নাই।‘’
লগতে পঢ়ক: পুলৱামাত পুনৰ নিৰাপত্তাৰক্ষীৰ গুলীত দুই সন্ত্ৰাসবাদী সদস্য নিহত
প্ৰধানমন্ত্ৰী মোডীক কটাক্ষ কৰি গগৈয়ে কয়, “এসময়ত যিজনে চীনক ‘ৰঙা চকু’ দেখুৱাব বুলি কৈছিল তেওঁ এতিয়া চীনৰ নাম ল’বলৈ ভয় কৰে। এই সন্দৰ্ভত গৌৰৱ গগৈৰ অভিযোগ যে যোৱা ৭ মে’ৰ জয়শংকৰ আৰু ৱাংলিয়েৰ মাজত হোৱা বৈঠক বিফল হৈছে।
গৌৰৱ গগৈয়ে পুনৰ কটাক্ষ কৰি কয়, “দেখা গৈছে যে চীনাসকলে যথেষ্ট আক্ৰমণাত্মক হৈ পৰিছে। য’ত আমাৰ নেতৃত্বই ভাৰতীয়সকলক বিভ্ৰান্ত কৰি ৰাখি DDLJ নীতিৰে আগবাঢ়িছে।‘’
তীব্ৰ অভিযোগ উত্থাপন কৰি গৌৰৱে কয়, “যদি আমাৰ প্ৰধানমন্ত্ৰীয়েই সঁচা কথাটো ক’ব নোৱাৰে (লাডাখ বিষয়ত) তেন্তে আমাৰ শত্ৰুসকলে এইটো মানি ল’বনে?”
গৌৰৱ গগৈয়ে লাডাখ বিষয়ত প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ ৱেবছাইটৰ পৰা নথিপত্ৰ প্ৰত্যাহাৰ কৰাকলৈও তীব্ৰ ক্ষোভ প্ৰকাশ কৰে।