NORTHEAST NOW (Assamese)
Popular Stories

পি এম কেয়াৰ্ছ ফাণ্ডৰ পৰা মুকলি ৩১০০ কোটি টকা; প্ৰৱাসী শ্ৰমিকৰ বাবে ১০০০ কোটি

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 14, 2020 1:43 pm
namo_1587707705_618x347 new

দেশত ভয়াবহ ৰূপ ধাৰণ কৰা ক’ৰ’না ভাইৰাছৰ বিৰুদ্ধে যুঁজিবলৈ পি এম কেয়াৰ্ছ ফাণ্ডৰ পৰা মুকলি কৰি দিছে ৩১০০ কোটি টকা।

পি এম কেয়াৰ্ছ ফাণ্ডৰ পৰা মুকলি কৰি দিয়া এই ধনৰাশিৰ ভিতৰত ২০০০ কোটি টকা ভেণ্টিলেটৰ ক্ৰয়ত খৰচ কৰিব আৰু বাকী ১০০০ কোটি টকা প্ৰৱাসী শ্ৰমিকৰ কল্যাণৰ বাবে খৰচ কৰিব।

প্ৰধান মন্ত্ৰীৰ কাৰ্যালয়ে এই কথা জানিবলৈ দি কয় যে ৩১০০ কোটিৰ বাকী ৰোৱা ১০০ কোটি টকা ভেকশ্যিন বনোৱাত খৰচ কৰিব।

উল্লেখ্য যে প্ৰথম পৰ্যায়ৰ লকডাউনৰ পৰাই প্ৰৱাসী শ্ৰমিকসকলক লৈ ৰাজনৈতিক দল সমূহে চৰকাৰক বিভিন্ন প্ৰশ্ন নিক্ষেপ কৰি আছিল।

এই প্ৰৱাসী শ্ৰমিক সকলৰ বাবে ৰেইলৰ ব্যৱস্থা কৰাৰ পিছতো তীব্ৰ বিতৰ্কৰ সৃষ্টি হৈছিল।

মন কৰিব লগীয়া যে প্ৰধান মন্ত্ৰী মোদীয়ে অৰ্থনীতি পুনৰুদ্ধাৰৰ বাবে ২০ লাখ কোটি টকাৰ আৰ্থিক পেকেজ ঘোষণা কৰাৰ পিছতেই বিৰোধীয়ে প্ৰৱাসী শ্ৰমিকসকলৰ প্ৰসংগ উত্থাপন কৰিছিল।

এই বিতৰ্কৰ সূত্ৰপাত হোৱাৰ সময়তে পি এম কেয়াৰ্ছ ফাণ্ডৰ পৰা প্ৰৱাসী শ্ৰমিকসকলৰ বাবে ১০০০ কোটি টকা মুকলি কৰি দিয়া প্ৰসংগই বিশেষ তাৎপৰ্য বহন কৰিছে।