NORTHEAST NOW (Assamese)
অসম

চামগুৰিত কৃষি আইন বাতিলৰ দাবীত তীব্ৰ প্ৰতিবাদ : দুই কেন্দ্ৰীয় মন্ত্ৰীৰ প্ৰতিকৃতি দাহ

Posted by: বিদ্যুত জ্যোতি বৰা Updated by: বিদ্যুত জ্যোতি বৰা December 8, 2020 7:50 pm
index

কেন্দ্ৰীয় চৰকাৰে প্ৰণয়ন কৰা তিনিখন কৃষি আইন বাতিলৰ দাবীত মঙ্গলবাৰে নগাঁও জিলাৰ চামগুৰি বাজিয়াগাওঁ ব্লক কংগ্ৰেছ কমিটিৰ উদ্যোগত প্ৰতিবাদী কাৰ্যসুচী অনুষ্ঠিত হয়৷

কেন্দ্ৰীয় চৰকাৰে প্ৰৱৰ্তন কৰা তিনিখনকৈ কৃষক আইনৰ বিৰুদ্ধে অনুষ্ঠিত প্ৰতিবাদস্থলীত প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইন উপস্থিত থাকি বিজেপি নেতৃতাধীন কেন্দ্ৰীয় চৰকাৰখনক তীব্ৰ সমালোচনা কৰা পৰিলক্ষিত হয়।

প্ৰতিবাদকাৰী কৃষকসকলে তেলিয়া-হয়বৰগাৱঁৰ পথাৰত কেন্দ্ৰীয় মন্ত্ৰী দুজনৰ প্ৰতিমূৰ্তি দাহ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।

আনহাতে চামগুৰি লাওখোৱা ব্লক কংগ্ৰেছ কমিটিয়ে কৃষি আইন বাতিলৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে।

ভাৰত বন্ধৰ সময়তছোৱাত বৃহত্তৰ চামগুৰি আৰু পুৰণিগুদাম অঞ্চলত বন্ধৰ প্ৰভাৱ পৰা পৰিলক্ষিত হয়।