NORTHEAST NOW (Assamese)
Popular Stories

সামান্থা, শ্ৰদ্ধা, বা তৃপ্তি নহয়, ‘পুষ্পা ২’ৰ আইটেম ছঙত লহৰ তুলিব শ্ৰীলীলাই! ফাদিল ছবিখনৰ দৃশ্য

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী November 9, 2024 5:57 pm

পুনৰ বক্স অফিচত জোৱাৰ তুলিবলৈ আহিছে পুষ্পাৰাজ। পুষ্পা ফ্ৰেঞ্চাইজিৰ দ্বিতীয় খণ্ডৰ ঘোষণাৰ পিছৰে পৰা দৰ্শকৰ মাজত উত্তেজনা বিৰাজ কৰি আহিছে। ৫ ডিচেম্বৰত ছবিগৃহত মুক্তি পাবলৈ সাজু হৈছে পুষ্প ২: দ্য ৰুল।

ছবিখনৰ প্ৰথম খণ্ডটোৱে বক্স অফিচত বিপুল সফলতা লাভ কৰিছিল। ‘পুষ্পা: দ্য ৰাইজ’ৰ সফলতা ইমানেই বৃহৎ আছিল যে ছবিখনে কেৱল দক্ষিণতে নহয়, হিন্দীতো ভাল ফলাফল প্ৰদৰ্শন কৰিছিল। সুকুমাৰ পৰিচালিত ছবিখনে ২০২১ চনত মুক্তি পোৱাৰ পিছত বক্স অফিচত ৩৫০ কোটি টকাৰো ওপৰত উপাৰ্জন কৰিছে।

এইবাৰ ‘পুষ্পা ২: দ্য ৰুল’ক লৈ বহু উৰাবাতৰি ওলাইছে। বিশেষকৈ ছবিখনৰ আইটেম ছংটোক লৈ দৰ্শকৰ মাজত কৌতুহল বেছি। সামান্থাৰ পিছত দুগৰাকী অভিনেত্ৰী শ্ৰদ্ধা কাপুৰ আৰু তৃপ্তী ডিমৰীৰ এই আইটেম ছঙত থকা বুলি চৰ্চা চলিছিল যদিও ছবিখনৰ চেটৰ পৰা ফাদিল হোৱা কিছু ছবিয়ে নতুন তথ্য প্ৰকাশ কৰিছে। জনা যায় যে এই গীতটোত দেখা যাব দক্ষিণৰ অভিনেত্ৰী শ্ৰীলীলাক।

শেহতীয়াকৈ শ্ৰীলীলাৰ চেটৰ কিছু ছবি ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছে, য’ত তেওঁক এটা আইটেম গীতত অংশগ্ৰহণ কৰা দেখা গৈছে। পুষ্প ১ ত ছবিখনৰ আইটেম গীত ‘উ অন্তাভা’ত লহৰ তুলিছিল সামান্থা প্ৰভুৱে। যিটো দৰ্শকে বহুলভাৱে শলাগ লৈছিল। ‘পুষ্পা ২: দ্য ৰুল’ৰ আইটেম গীতটোও সমানেই আকৰ্ষণীয় আৰু বিপুল জনপ্ৰিয়তা লাভ কৰাৰ আশা কৰা হৈছে।

প্ৰথমখন ছবিৰ দৰেই দ্বিতীয় খণ্ডটোৱেও দৰ্শকৰ হৃদয় জয় কৰিবলৈ সাজু হৈছে,  আল্লু অৰ্জুন, ৰশ্মিকা মন্দানা আৰু ফাহাধ ফাচিলৰ লগতে শ্ৰীলীলাৰ উপস্থিতিয়ে দৰ্শকৰ মাজত উত্তেজনা বৃদ্ধি কৰিছে।

উল্লেখ্য যে  প্ৰতিবেদন অনুসৰি ‘পুষ্পা ২: দ্য ৰুল’ৰ বিশ্বব্যাপী থিয়েটাৰ ৰাইটছৰ মূল্য ৬০০ কোটি টকা। নন-থিয়েটাৰৰ কথা ক’বলৈ গ’লে ইয়াৰ অ’টিটি ৰাইটছে ২৭৫ কোটি টকা উপাৰ্জন কৰে আৰু চেটেলাইট ৰাইটছ ৮৫ কোটি টকাত বিক্ৰী হয়। ছবিখনৰ সংগীতৰ ৰাইটছো বিক্ৰী হৈছে ৬৫ কোটি টকাত। আল্লু অৰ্জুনৰ ছবিখন অহা ৫ ডিচেম্বৰত বিশ্বজুৰি চিনেমাগৃহত মুক্তি পাব।