NORTHEAST NOW (Assamese)
অসম

মৰিগাঁৱত হিৰ’ইনভৰ্তি ২৭ টা কণ্টেইনাৰসহ দুই সৰবৰাহকাৰীক গ্ৰেপ্তাৰ আৰক্ষীৰ

Posted by: চানু গগৈ Updated by: চানু গগৈ December 8, 2020 8:10 pm
index.jpgb

মৰিগাঁও জিলাৰ লাহৰীঘাটৰ বৰছলাত হিৰ’ইনসহ দুই সৰবৰাহকাৰীক আজি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

ধৃত সৰবৰাহকাৰী দুজন হৈছে লাহৰীঘাট থানাৰ বৰছলা আৰক্ষী চকীৰ অন্তৰ্গত গৰৈমাৰীৰ হাৰুণ ৰছিদ আৰু ৰিয়াজউদ্দিন।

যোৱা নিশা বৰছলাৰ আৰক্ষীৰ এটা দলে গোপন সূত্ৰৰ পম খেদি  চলোৱা এক অভিযানত হিৰ’ইনসহ দুয়ো সৰবৰাহকাৰীক অঞ্চলটোৰ পৰা হাতে-লুটে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

উল্লেখ্য যে ধৃত সৰবৰাহকাৰী দুজনৰ পৰা আৰক্ষীয়ে হিৰ’ইন ভৰ্তি ২৭ টা কণ্টেইনাৰ, এটা ম’বাইল আৰু নগদ ধন উদ্ধাৰ কৰে।

ঘটনা সন্দৰ্ভত ধৃতলোক দুজনৰ পৰা আৰু অধিক তথ্য লাভৰ বাবে মাৰাথন জেৰা চলাই থকা হৈছে বুলি আৰক্ষী সূত্ৰে প্ৰকাশ কৰিছে।

আনহাতে সমাগত তিৱা স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনকলৈ জিলা প্ৰশাসন তথা আৰক্ষী প্ৰশাসন ব্যস্ত থকাৰ সময়তে জিলাখনত এছাম সমাজ বিৰোধী চক্ৰই অহৰ্নিশে এনে কাৰ্য-কলাপ অব্যাহত চলাই যোৱাত জিলাখনৰ সচেতন মহলৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

সমাজবিৰোধী এনে অপশক্তিক জিলা প্ৰশাসনক কঠোৰ শাস্তি প্ৰদান কৰিবলৈ দাবী জনাইছে মৰিগাঁৱৰ ৰাইজে।