NORTHEAST NOW (Assamese)
Popular Stories

ৰঙালীৰ মাদকতাৰ মাজতে ৩২ বছৰীয়া পত্নীয়ে হাতুৰীৰে কোবাই হত্যা কৰিলে ৬০ বছৰীয়া স্বামীক!

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী April 16, 2025 7:50 pm
ৰঙালীৰ মাদকতাৰ মাজতে ৩২ বছৰীয়া পত্নীয়ে হাতুৰীৰে কোবাই হত্যা কৰিলে ৬০ বছৰীয়া স্বামীক!

অসমৰ শ্ৰীভূমিৰ সাদাৰাশী পঞ্চায়তত শিহৰণকাৰী ঘটনা সংঘটিত হয়। মঙলবাৰে নিশা পাৰিবাৰিক বিবাদৰ বাবে সাদাৰাশী গাঁও পঞ্চায়তৰ ছৈইদপুৰৰ ১০ নং ৱাৰ্ডৰ ছায়না বেগমে শুই থকা অৱস্থাত স্বামী তাজ উদ্দিনক প্ৰায় ৫ কিলোগ্ৰামৰ হাতুৰীৰে মূৰত আঘাত কৰে। পত্নীৰ আক্ৰমণত থিতাতে মৃত্যু হয় স্বামী তাজ উদ্দিনৰ।

ঘটনা সংঘটিত কৰি পলাবলৈ চেষ্টা কৰিছিল পত্নী ছায়না বেগমে। অৱশ্যে স্থানীয় ৰাইজৰ তৎপৰতাত আৰক্ষীৰ সহযোগত স্বামীক হত্যাকাৰী ছায়না বেগমক গ্ৰেপ্তাৰ কৰা হৈছে।

জানিব পৰা মতে হত্যাকাৰী ছায়া বেগমৰ বয়স প্ৰায় ৩২ বছৰ আৰু মৃত তাজ উদ্দিনৰ বয়স প্ৰায় ৬০ বছৰ। উল্লেখ্য যে তাজ উদ্দিনৰ আছে দুগৰাকী পত্নী আছিল।

তাজ উদ্দিনৰ দুয়োগৰাকীৰ পত্নীৰ মাজত প্ৰায়ে পাৰিবাৰিক কন্দল হৈছিল। আৰু পাৰিবাৰিক কন্দলৰ বাবে এই নৃশংস ঘটনা সংঘটিত হোৱাৰ সন্দেহ কৰা হৈছে।