NORTHEAST NOW (Assamese)

১৭৯২লৈ হ্ৰাস অসমত সক্ৰিয় ক’ভিড ৰোগী, নতুনকৈ মুক্ত ১৩৬

June 20, 2020 7:46 pm · এন ই নাও নিউজ

১৩৬গৰাকী নতুনকৈ ক’ভিড-১৯ আৰোগ্য ব্যক্তিৰে সৈতে অসমত সক্ৰিয় ৰোগীৰ সংখ্যা শনিবাৰে ১৭৯২লৈ হ্ৰাস পাইছে।

অসমৰ বিভিন্ন অসামৰিক, জিলা আৰু আদৰ্শ চিকিৎসালয়ৰ পৰা নতুনকৈ আৰোগ্য লাভ কৰাসকলক শনিবাৰে মুকলি কৰি দিয়া হৈছে।

স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰত এই তথ্য সদৰী কৰি কয় যে নমুনা পৰীক্ষাত নিগেটিভ অহাৰ পিছত এইসকল ব্যক্তিক চিকিৎসালয়ৰ পৰা যাবলৈ দিয়া হৈছে।

যোৱা ১৬ জুনত অসমত ক’ভিড আৰোগ্য ব্যক্তিয়ে সক্ৰিয় ৰোগীৰ সংখ্যাক অতিক্ৰম কৰিছিল।

অসমত এতিয়ালৈকে ৩২০২গৰাকী ব্যক্তিয়ে ক’ভিড-১৯ৰ পৰা আৰোগ্য লাভ কৰিছে।

আৰোগ্যৰ সংখ্যা মুঠ আক্ৰান্তৰ প্ৰায় ৬৩শতাংশ।

অসমত চিনাক্ত মুঠ ক’ভিড-১৯ আক্ৰান্তৰ সংখ্যাই পাঁচ হাজাৰৰ সীমা অতিক্ৰম কৰিছে।

মুঠ ৫০০৬গৰাকী ব্যক্তি অসমত এতিয়ালৈকে ক’ভিড-১৯ পজিটিভৰূপে চিনাক্ত হৈছে।

ইয়াৰে নগৰাকীৰ মৃত্যু হোৱাৰ বিপৰীতে তিনিগৰাকী আন ঠাইলৈ স্থানান্তৰিত হৈছে।

Related News