NORTHEAST NOW (Assamese)
অসম

নিজৰ ভ্রমণ পৰিক্রমা গোপনে ৰখাৰ বাবে মিজোৰামত ৩৩ বছৰীয়া মহিলাক গ্ৰেপ্তাৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ March 27, 2020 12:45 pm
One arrested for murder in Jorhat

নিজৰ ভ্ৰমণ পৰিক্ৰমাৰ কথা লুকুৱাই ৰথাৰ অভিযোগত মিজোৰমাৰ এগৰাকী ৩৩ বছৰীয়া মহিলাক গ্ৰেপ্তাৰ কৰা হৈছে। বৃহস্পতিবাৰে এগৰাকী জ্যেষ্ঠ আৰক্ষী বিষয়াই এই কথা জানিবলৈ দিয়ে।

মিজোৰামৰ আৰক্ষী মহা পৰিদৰ্শক (সদৰ) জন নেইহলেয়াই কয় যে ঘটনাটো অলপতে পোহৰলৈ আহে যেতিয়া মহিলাগৰাকীয়ে এটা ফেচবুক প’ষ্টত তেওঁৰ “অপৰাধ’ৰ কথা প্ৰকাশ কৰিছিল।

অনুসন্ধানৰ সময়ত জানিব পৰা যায় যে মহিলাগৰাকী আইজলৰ এটা অঞ্চলৰ বাসিন্দা আৰু তেওঁৰ বয়স ৩৩ বছৰ।

তেওঁ মেকউৰ পৰা উভতি আহি যোৱা ১০ মাৰ্চত লেংপুই বিমানবন্দৰত অৱতৰণ কৰিছিল।

নেইহলেয়াই জানিবলৈ দিয়ে যে মহিলাগৰাকীয়ে লেংপুই বিমানবন্দৰ কৰ্তৃপক্ষক মিছা মাতি কলকাতাৰ পৰা অহা বুলি দাবী কৰিছিল।

মহিলাগৰাকীক মঙলবাৰে ভাৰতীয় দণ্ডবিধিৰ ধাৰা 270/336/505 (1) (b)ৰ অধীনত গ্ৰেপ্তাৰ কৰা হয়।

নেইহলেয়াই লগতে কয় যে মুখ্য সচিবৰ নামত ভুৱা বাতৰি প্ৰচাৰ কৰা এগৰাকী ব্যক্তিকো অলপতে গ্ৰেপ্তাৰ কৰা হৈছে।

তেওঁৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ধাৰা 505 (1) (b) আৰু আই টি এক্টৰ ধাৰা 66 Dৰ অধীনত গোচৰ তৰা হৈছে।