NORTHEAST NOW (Assamese)
Popular Stories

আশাৰ ৰেঙণি; কৰ্মহীন হৈ পৰা বিভিন্ন কোম্পানিৰ ডেলিভাৰি বয়ে যোগান ধৰিব গেলামালৰ সামগ্ৰী

Posted by: স্মিতা ভট্টাচাৰ্য Updated by: স্মিতা ভট্টাচাৰ্য March 27, 2020 12:59 pm
zomatoswiggy

লকডাউনৰ বাবে ঘৰত বহি থাকিবলগীয়া হোৱা ছুইগি, জমেট’, এমাজন আৰু ফ্লিপকাৰ্টৰ ডেলিভাৰি বয় সকলৰ বাবে আশাৰ ৰেঙণি কঢ়িয়াই আনিছে যোৰহাট জিলা প্ৰশাসনে।

কৰ্মহীন হৈ পৰা এই যুৱকসকলক প্ৰশাসনে জিলাখনৰ লোকসকলৰ ঘৰে ঘৰে গৈ অত্যাৱশ্যকীয় সামগ্ৰী ডেলিভাৰি দিয়া কামত নিয়োজিত কৰিব।

যোৰহাট জিলাৰ উপায়ুক্ত ৰশ্নি এ ক’ৰাটিয়ে কয়, ‘জিলাখনৰ লোকসকলে অত্যাৱশ্যকীয় সামগ্ৰী ক্ৰয়ৰ বাবে ঘৰৰ বাহিৰ ওলাব নালাগে। আমি ফোন নম্বৰ প্ৰদান কৰিম যাৰ জৰিয়তে লোকসকলে এইসকল ডেলিভাৰি ল’ৰাক যোগাযোগ কৰি সামগ্ৰী ক্ৰয় কৰিব পাৰিব’।

‘আমি এই সন্দৰ্ভত কাম কৰি আছো আৰু ইয়াৰ বাবে আমি ই কমাৰ্চৰ ডেলিভাৰি বয়সকলৰ সহায় ল’ম’, ক’ৰাটিয়ে লগতে কয়।

এই কথা জানিব পাৰি এজন ডেলিভাৰি বয়ে কয়, ‘লকডাউনৰ আদেশৰ পিছৰে পৰা কৰ্মহীন হৈ পৰিছো। এই খবৰে আশাৰ ৰেঙণি কঢ়িয়াই আনিছে’।

জানিব পৰা মতে শনিবাৰৰ পৰা জিলাখনত এই কাৰ্য আৰম্ভ হ’ব।

উল্লেখ্য যে সম্পূৰ্ণ লকডাউনৰ পিছতো ৰাজ্যৰ বিভিন্ন ঠাইত গেলামাল দোকান সমূহত গ্ৰাহকসকলে সামাজিক দূৰত্ব বজাই ৰখাৰ নীতি-নিয়ম উলংঘা কৰি অযথা ভিৰ কৰা পৰিলক্ষিত হৈছে।