NORTHEAST NOW (Assamese)
Uncategorized

আল কায়দাৰ লগত জড়িত সন্ত্ৰাসবাদীৰ ভয়ংকৰ আক্ৰমণ : আফ্ৰিকাৰ নাইজাৰত ৩৫ জনৰ মৃত্যু

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী June 20, 2026 9:08 am

পশ্চিম আফ্ৰিকাৰ এখন দেশ নাইজাৰত এক ভয়ংকৰ সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনা সংঘটিত হৈছে। দেশখনৰ ৰাজধানী নিয়ামৰ ডিঅৰি হামানি আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত এই আক্ৰমণ চলোৱা হয়। জানিব পৰা মতে, বৃহস্পতিবাৰে নিশা সংঘটিত হোৱা এই ভয়ংকৰ ঘটনাটোত ২২ জন সন্ত্ৰাসবাদীৰ লগতে কমেও ৩৫ জন লোকৰ মৃত্যু হৈছে।

শুকুৰবাৰে আল কায়দাৰ লগত ওতঃপ্ৰোত সম্পৰ্ক থকা সন্ত্ৰাসবাদী গোট জামায়াত নুছৰত আল-ইছলাম ৱাল-মুছলিমিন চমুকৈ জেএনআইএমে এই আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰিছে। মাত্ৰ পাঁচ মাহৰ ভিতৰতে এই কট্টৰপন্থী গোটটোৱে চলোৱা এইটো হৈছে দ্বিতীয়টো ডাঙৰ আক্ৰমণ। বিবিচিৰ বাতৰি অনুসৰি, অত্যাধুনিক অস্ত্ৰ-শস্ত্ৰৰে সজ্জিত সন্ত্ৰাসবাদীৰ সৈতে হোৱা ভয়ংকৰ গুলীয়াগুলীত ১১ জনকৈ নিৰাপত্তাৰক্ষীৰো মৃত্যু হৈছে। ইয়াৰ লগতে আন দুজন নিৰীহ সাধাৰণ নাগৰিকৰো প্ৰাণহানি ঘটিছে।

দেশখনৰ আটাইতকৈ ডাঙৰ বিমানবন্দৰটোত হোৱা এই আক্ৰমণৰ বাবে নাইজাৰৰ বেয়া আইন-শৃংখলা পৰিস্থিতিয়েই ঘাইকৈ জগৰীয়া বুলি বহুতে মত প্ৰকাশ কৰিছে।

উল্লেখ্য যে, ২০২৩ চনৰ জুলাই মাহত দেশখনৰ সেনাই এক বিদ্ৰোহৰ জৰিয়তে নিৰ্বাচিত ৰাষ্ট্ৰপতি মহম্মদ বাজোমক ক্ষমতাৰ পৰা আঁতৰাই পেলাইছিল। তাৰ পিছত সেনাপ্ৰধান জেনেৰেল আব্দুৰাহমানে চিয়ানীয়ে নিজেই ক্ষমতা দখল কৰে। তেতিয়াৰ পৰাই দেশখনৰ বেছিভাগ ঠাইতে এক প্ৰকাৰৰ গৃহযুদ্ধৰ দৰে পৰিৱেশৰ সৃষ্টি হৈছে। এই অস্থিৰ পৰিস্থিতিৰ সুযোগ লৈয়েই এতিয়া আল কায়দা আৰু ইয়াৰ লগত জড়িত আন সন্ত্ৰাসবাদী গোটবোৰে নাইজাৰত নিজৰ কূটাঘাতমূলক কাম-কাজ বহুত বেছি বৃদ্ধি কৰিছে।