NORTHEAST NOW (Assamese)

মেটাৰ পৰা চাকৰি যাব ৩৬০০ কৰ্মচাৰীৰ : ঘোষণা মাৰ্ক জুকাৰবাৰ্গৰ

January 15, 2025 3:37 pm · নৰ্থ ইষ্ট নাও, ডেস্ক

মেটাৰ পৰা চাকৰি যাব ৩৬০০ কৰ্মচাৰীৰ। শেহতীয়াকৈ এই ঘোষণা কৰিছে মেটাৰ কাৰ্যবাহী বিষয়া মাৰ্ক জুকাৰবাৰ্গে।

মাৰ্ক জুকাৰবাৰ্গে কয় যে তুলনামূলকভাৱে কম দক্ষ কৰ্মচাৰীক আঁতৰাই নতুন কৰ্মচাৰী নিযুক্তি দিয়া হ’ব।

মেটাই দক্ষতা বৃদ্ধিৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰিব বুলি জানিবলৈ দিছে মেটাই।

জুকাৰবাৰ্গে কয় ‘মই বিচাৰো কোম্পানীটোৰ অধিক উন্নত হওক। তুলনামূলকভাবে কম দক্ষ কৰ্মচাৰীসকলক কোম্পানীৰ পৰা বিদায় দিয়া হ’ব। মুঠ কৰ্মচাৰীৰ ৫ শতাংশক চাকৰিৰ পৰা বৰ্খাস্ত কৰা হ’ব। যোৱা ছেপ্টেম্বৰৰ হিচাপ অনুসৰি মেটাত কৰ্মচাৰীৰ সংখ্যা ৭২,৪০০।

মন কৰিবলগীয়া যে যোৱা সপ্তাহত জুকাৰবাৰ্গে আমেৰিকাত থকা মেটাৰ তথ্য পৰীক্ষা ব্যৱস্থা বন্ধ কৰাৰ সিদ্ধান্ত লৈছিল। যিটোক তীব্ৰ সমালোচনা কৰিছিল বিভিন্ন ৰাজনৈতিক দলৰ নেতাসকলে। তেওঁলোকৰ অভিযোগ যে মেটাই আমেৰিকাৰ  ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ স্বাৰ্থত তথ্য পৰীক্ষা ব্যৱস্থা বন্ধ কৰিবলৈ ওলাইছে।

কাকতলীয়াকৈ ক’ব পাৰি যে যোৱা সপ্তাহত মাইক্ৰ’ছফটেও ১ শতাংশ কৰ্মচাৰীক বৰ্খাস্ত কৰাৰ কথা ঘোষণা কৰিছিল। তাৰপিছত মেটায়ো ৫% চাকৰি বৰ্খাস্ত কৰাৰ সিদ্ধান্ত লয়।

Related News