NORTHEAST NOW (Assamese)

ভাৰতলৈ ইলিছ মাছ ৰপ্তানি কৰিবলৈ ৩৭টা বাংলাদেশী কোম্পানীক অনুমোদন

September 16, 2025 4:10 pm · এন ই নাও নিউজ, গুৱাহাটী

আগন্তুক দুৰ্গা পূজা উপলক্ষে ভাৰতলৈ ১২০০ মেট্ৰিক টন ইলিছ মাছ ৰপ্তানি কৰিবলৈ ৩৭ টা কোম্পানীক অনুমতি প্ৰদান কৰিছে বাণিজ্য মন্ত্ৰালয়ে। ১৬ ছেপ্টেম্বৰৰ পৰা ৫ অক্টোবৰলৈ বৈধ হব এই অনুমতি।

এই তথ্য বাণিজ্য মন্ত্ৰালয়ৰ উপ-সচিব এছ.এইচ.এম. মগফুৰুল হাছান আব্বাছী মঙলবাৰে (১৬ ছেপ্টেম্বৰ) জানিবলৈ দিয়ে।

ইলিছ ৰপ্তানিৰ বাবে চৰকাৰে কিছু চৰ্ত দিছে

১) ৰপ্তানি নীতি ২০২৪-২৭ৰ নিয়ম-নীতি মানি চলিব লাগিব।

২) এই অনুমতি ১৬ ছেপ্টেম্বৰৰ পৰা ৫ অক্টোবৰলৈকে বৈধ হব।

৩) শুল্ক কৰ্তৃপক্ষই ৰপ্তানিযোগ্য সামগ্ৰীৰ সঠিক পৰিদৰ্শন কৰিব।

৪) পূৰ্বতে অনুমোদিত পৰিমাণৰ প্ৰকৃত ৰপ্তানিৰ সৈতে জড়িত সকলো সমৰ্থনকাৰী নথি পৰৱৰ্তী আবেদনৰ সময়ত দাখিল কৰিব লাগিব।

৫) অনুমোদিত পৰিমাণতকৈ অধিক ইলিছ ৰপ্তানি কৰিব নোৱাৰিব।

৬) প্ৰতিটো চালান ৰপ্তানিৰ সময়ত শুল্ক কৰ্তৃপক্ষই ‘ASYCUDA World System’ পৰীক্ষা কৰিব যাতে কোনো অতিৰিক্ত পৰিমাণৰ সামগ্ৰী ৰপ্তানি নহয়।

৭) এই অনুমতি হস্তান্তৰযোগ্য নহয়। অনুমোদিত ৰপ্তানিকাৰকে নিজে ৰপ্তানি নকৰাকৈ কোনো উপ-ঠিকাদাৰক কাম দিব নোৱাৰে।

৮) চৰকাৰে প্ৰয়োজন সাপেক্ষে যিকোনো সময়তে এই ৰপ্তানিৰ অনুমতি বাতিল কৰিব পাৰে।

Related News