NORTHEAST NOW (Assamese)
Popular Stories

দ খাৱৈত বাগৰি পৰিল ৬০ যাত্ৰীৰে পূৰ্ণ বাছ : ভয়ংকৰ বাছ দুৰ্ঘটনাত ৩৭ যাত্ৰীৰ মৃত্যু; প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ February 16, 2021 3:19 pm
index

মধ্য প্ৰদেশত সংঘটিত এক ভয়াৱহ বাছ দুৰ্ঘটনাত ৩৭ গৰাকীকৈ যাত্ৰীৰ মৃত্যু ঘটিছে।

ঘটনাৰ বিৱৰণীৰ মতে মংগলবাৰে পুৱা ৭.৩০ বজাত মধ্য প্ৰদেশৰ ৰাজধানী ভূপালৰ পৰা ৫৬০ কিলোমিটাৰ দূৰত্বৰ চিদ্ধি জিলাত এটা নলাৰ ওপৰত থকা দলঙৰ পৰা যাত্ৰীৰে পৰিপূৰ্ণ এখন বাছ দ নলাৰ বুকুত বাগৰি পৰাৰ ফলতে উক্ত ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হৈছে।

প্ৰকাশিত বাতৰি মতে দুৰ্ঘটনাগ্ৰস্ত বাছখনত ৬০ গৰাকী যাত্ৰী আছিল আৰু ইয়াৰে ৩৭ গৰাকী যাত্ৰীৰ মৃত্যু ঘটিছে।

দুৰ্ঘটনাৰ সংঘটিত হোৱাৰ খবৰ পোৱাৰ লগে লগে মধ্যপ্ৰদেশ ৰাজ্যিক দুৰ্যোগ প্ৰশমন বাহিনীয়ে উদ্ধাৰ অভিযান আৰম্ভ কৰে।

উদ্ধাৰকাৰী দলটোৱে বাতৰি প্ৰস্তুত কৰি থকা সময়লৈকে নলাটোৰ পৰা ৩৪ টা মৃতদেহৰ লগতে ৭ গৰাকী যাত্ৰীক জীৱন্তে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে বুলি জানিব পৰা গৈছে। আনহাতে কেবাজনো যাত্ৰী সন্ধানহীন হৈ আছে বুলি জানিব পৰা গৈছে।

ইফালে এই ভয়াৱহ দুৰ্ঘটনাটোৰ বাবে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গভীৰ শোক প্ৰকাশ কৰাৰ লগতে মৃত লোকসকলৰ শোকসন্তপ্ত পৰিয়ালৈ সমবেদনা জ্ঞাপন কৰি ২ লাখ টকা এককালীন আৰ্থিক সাহায্য প্ৰদানৰ কথা ঘোষণা কৰিছে।

“মধ্যপ্ৰদেশৰ চিদ্ধিত ভয়ংকৰ বাছ দুৰ্ঘটনা সংঘটিত হৈছে। শোকসন্তপ্ত পৰিালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছো। স্থানীয় প্ৰশাসনে সক্ৰিয়তাৰে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে।” প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে টুইট কৰি দুৰ্ঘটনাৰ সন্দৰ্ভত এইদৰে কয়।

এই ভয়ংকৰ বাছ দুৰ্ঘটনাটোত মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ চৌহানেও গভীৰ শোক প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰী গৰাকীয়ে শোক প্ৰকাশ কৰি দুৰ্ঘটনাত মৃত্যু হোৱাৰ শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰাৰ লগতে ৫ লাখ টকাৰ এককালীন আৰ্থিক সাহায্য প্ৰদান কৰাৰ কথা ঘোষণা কৰিছে।

“যি ঘটিল সি সঁচাই অতিশয় শোকাৱহ। উদ্ধাৰ অভিযান অব্যাহত আছে। জল সম্পদ মন্ত্ৰী তুলসীৰাম শিলৱাট আৰু পঞ্চায়ত ৰাজ্য মন্ত্ৰী ৰামখেলৱান পাটেলে ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ অভিযান তদাৰক কৰি আছে। দুৰ্ঘটনাত মৃত লোকসকলৰ পৰিয়ালবৰ্গলৈ ৫ লাখ টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰা হ’ব।” এক ভিডিঅ’ মেচেজৰ জৰিয়তে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী শিৱৰাজ চৌহানে এইদৰে কয়।

ইফালে আজি পুৱা ভাগত সংঘটিত দুৰ্ঘটনাটোৰ বাবে ৰাজ্যখনত অনুষ্ঠিত হ’বলগীয়া কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ ভাৰ্চুৱেল সভাখন বাতিল কৰাৰ কথাও ঘোষণা কৰিছে মধ্যপ্ৰদেশ চৰকাৰে।