NORTHEAST NOW (Assamese)
দেশ

সম্পৰ্কত আউল! লিভ-ইন সংগীৰ হাতত প্ৰাণ হেৰুৱালে ৩৭ বৰ্ষীয় মহিলাই

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী November 8, 2022 6:58 am
Live-In Partner Killed Woman

ভাৰতীয় সমাজত এসময়ত লিভ-ইন সম্পৰ্কক অনৈতিক ৰূপত চোৱাৰ হৈছিল যদিও বৰ্তমান ইয়াক সমাজে মান্যতা দিয়া পৰিলক্ষিত হৈছে। স্বাভাৱিকতেই লিভ-ইন সম্পৰ্কৰ ক্ষেত্ৰত দুয়োগৰাকী সংগীৰ মাজত যথেষ্ট বুজা-পৰা থকা দেখা যায়।

কিন্তু মহাৰাষ্ট্ৰত এগৰাকী ৩৭ বৰ্ষীয় মহিলাই নিজৰ লিভ-ইন সংগীৰ হাততেই প্ৰাণ হেৰুওৱাক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে। সোমবাৰে মহাৰাষ্ট্ৰৰ থানে জিলাৰ অম্বৰনাথ চহৰত এই ঘটনা সংঘটিত হৈছে।

এগৰাকী ৩৭ বছৰীয়া মহিলাক তেওঁৰ লিভ-ইন সঙ্গীয়ে হত্যা কৰাৰ অভিযোগ উত্থাপিত হৈছে। হত্যাৰ বলি হোৱা লক্ষ্মীবাই মনোহৰ তাইদেক ৰাতিপুৱা নেভালি ফাটা অঞ্চলৰ এটা কোঠাত মৃত অৱস্থাত উদ্ধাৰ কৰা হৈছে বুলি এগৰাকী আৰক্ষী বিষয়াই জানিবলৈ দিছে।

আৰক্ষীৰ ভাষ্য মতে, আকোলাৰ বাসিন্দা মহিলাগৰাকী পাঁচ দিন পূৰ্বে তেওঁৰ প্ৰেমিকৰ সৈতে একেটা ঘৰতে থাকিবলৈ আহিছিল। কিন্তু সোমবাৰে কোঠাৰ ভিতৰত মহিলাগৰাকীক মৃত অৱস্থাত উদ্ধাৰ কৰা হয়।

ভাৰতীয় দণ্ডবিধিৰ ৩০২ (হত্যা) ধাৰাৰ অধীনত মৃত মহিলাগৰাকীৰ লিভ-ইন সংগীৰ বিৰুদ্ধে এটা গোচৰ পঞ্জীয়ন কৰা হৈছে। অৱশ্যে অভিযুক্ত ব্যক্তিগৰাকী বৰ্তমান পলাতক অৱস্থাত আছে বুলি আৰক্ষীয়ে সদৰী কৰিছে।

হত্যাৰ অভিযোগত অভিযুক্ত পলাতক প্ৰেমিকগৰাকীৰ সন্ধানত ইতিমধ্যে অভিযান আৰম্ভ কৰা হৈছে বুলি স্থানীয় এগৰাকী আৰক্ষী বিষয়াই জানিবলৈ দিছে।