NORTHEAST NOW (Assamese)
অসম

ওদালগুৰিত ১৫০ বটল ভুটানী সুৰা জব্দ কৰিলে এছএছবিয়ে

Posted by: ছাজিদ খান Updated by: ছাজিদ খান December 27, 2018 7:09 pm
IMG-20181227-WA0011

এছএছবিৰ ৩৭ বেটেলিয়নৰ এটা তলাচীকাৰী গোটে অবৈধভাৱে সৰাবৰাহ কৰা বিদেশী সুৰাৰ বিৰূদ্ধে এটা অভিযান চলাই বিৰাট সফলতা লাভ কৰিবলৈ সক্ষম হৈছে। ওদালগুৰিৰ ভুটান সীমান্তত থকা ছামৰাং সীমান্ত চকীত মোতায়েন এছএছবিৰ ৩৭ নং বেটেলিয়নৰ গোটটোৱে ১৫০ বটল ভুটানত প্ৰস্তুত সুৰা জব্দ কৰাৰ লগতে দুখন চাইকেল জব্দ কৰে।

এই অবৈধ সুৰাখিনি কঢ়িয়াই নিয়াৰ অভিযোগত ডিমাকুছি আৰক্ষী থানাৰ অন্তৰ্গত ছামৰাঙৰ বাসিন্দা ভীম ৰাই (২৫) আৰু ডিমাকুছি আৰক্ষী থানাৰেই অন্তৰ্গত ৩ নং ভোলাটাৰ গাঁৱৰ বাসিন্দা  হৰকা তামাঙক (৩০) আটক কৰে। ২৬ ডিচেম্বৰ বুধবাৰে উক্ত লোক দুজনক অবৈধ সুৰাসহ ভাৰত-ভুটান সীমান্তত এছএছবিৰ তালাচী দলটোৱে আটক কৰে।

জানিব পৰা গৈছে যে এই সুৰাখিনি ভুটানৰ পৰা আৰু ভাৰতলৈ অনা আছিল।পৰৱৰ্তী পদক্ষেপ গ্ৰহণৰ বাবে উক্ত সুৰাখিনি টংলাৰ আৱকাৰী বিষয়াসকলৰ হাতত অৰ্পণ কৰা হৈছে।