NORTHEAST NOW (Assamese)

অসমত ৩৮০ নতুন ক’ভিড আক্ৰান্ত, ১০৯৪ আৰোগ্য

October 30, 2020 10:25 pm · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক চিত্ৰ

৩৮০গৰাকী ব্যক্তি শুকুৰবাৰে অসমত ক’ভিড পজিটিভ চিনাক্ত হোৱাৰ বিপৰীতে ১০৯৪গৰাকীয়ে আৰোগ্য লাভ কৰিছে।

২৫,৬৭২টা টেষ্টত এইসকলক ক’ভিড পজিটিভ পোৱা গৈছে।

পজিটিভৰ হাৰ হৈছে ১.৪৮ শতাংশ।

আৰোগ্যৰ হাৰ হৈছে ৯৪.৪৯ শতাংশ।

১,৯৪,৬৬৫গৰাকী ব্যক্তিয়ে অসমত এতিয়ালৈকে ক’ভিডৰ পৰা আৰোগ্য লাভ কৰিছে।

অসমত বৰ্তমান সক্ৰিয় ৰোগী ১০,৪২১ (।)

মুঠ ২,০৬,০১৫গৰাকী ব্যক্তি এতিয়ালৈকে অসমত ক’ভিড পজিটিভ চিনাক্ত হৈছে।

ইয়াৰে তিনিগৰাকী আন ঠাইলৈ স্থানান্তৰিত হৈছে।

ইপিনে আৰু তিনিগৰাকী ক’ভিড১৯ ৰোগীয়ে শুকুৰবাৰে অসমত প্ৰাণ হেৰুৱাইছে, মুঠ মৃতকৰ সংখ্যা ৯২৬লৈ বৃদ্ধি পাইছে।

শেহতীয়াকৈ মৃত্যু হোৱা লোককেইগৰাকী হৈছে— নগাঁৱৰ হাজেৰা খাতুন (৭০), বৰপেটাৰ যতীন্দ্ৰ নাথ ডেকা (৬০) আৰু গোলাঘাটৰ ভৱকান্ত বৰা (৬৫)।

স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰত এই তথ্য সদৰী কৰিছে।

বৃহস্পতিবাৰলৈকে অসমত ৯২৩গৰাকী ক’ভিড ৰোগীয়ে প্ৰাণ হেৰুৱাইছিল।

Related News