NORTHEAST NOW (Assamese)

দেশত ৭ দিনত ক’ৰ’ণাত আক্ৰান্ত হৈ মৃত্যু ৪,১২৭ জনৰ

July 19, 2020 6:57 am · এন ই নাও নিউজ

ক’ৰ’ণা ভাইৰাছৰ সংক্ৰমণ এতিয়াও ৰোধ হোৱা নাই।দেশত ৭ দিনত ক’ৰ’ণাত আক্ৰান্ত হৈ মৃত্যু ঘটিছে৪,১২৭ গৰাকী লোকৰ।

শেহতীয়াকৈ দেশত ক’ৰ’ণাত আক্ৰান্ত লোকৰ সংখ্যাই দহ লাখৰ ঘৰ অতিক্ৰম কৰিছে।

মুঠ দহ লাখৰ ভিতৰৰে বহু ৰোগী ইতিমধ্যে ক’ৰ’ণাৰ পৰা মুক্ত হ’বলৈ সক্ষম হৈছে।

দেশত বৰ্তমান ক’ৰ’ণা মুক্ত ৰোগীৰ শতাংশ হাৰ হৈছে ৬২.৯৩।

কেন্দ্ৰীয় স্বাস্থ্য দপ্তৰে শনিবাৰে মাজ নিশা প্ৰকাশ কৰিছে এই তথ্য।

ইতিবাচক কথাটো হ’ল যিটো সময়ত ক’ৰ’ণাত আক্ৰান্ত ৰোগীৰ বাবে আমেৰিকাৰ দৰে উন্নত দেশত আই চি ইউ, ভেন্টিলেটৰৰ অভাৱ হোৱা বুলি বাতৰি ওলাইছে সেই সেই সময়ত পিছে ভাৰতবৰ্ষত আই চি ইউত ভৰ্তি কৰোৱাবলগীয়া ৰোগীৰ সংখ্যা মাত্ৰ ২ শতাংশ।

যোৱা ২৪ ঘন্টাত দেশত ক’ৰ’ণাত আক্ৰান্ত ৰোগীৰ সংখ্যা হৈছেগৈ ৩৮হাজাৰ১৪১গৰাকী।

দেশত ক’ৰ’ণাত আক্ৰান্ত মুঠ ৰোগীৰ সংখ্যা হৈছে ১০,৭৬,৮৬১ গৰাকী।

এতিয়ালৈকে মৃত্যু ঘটিছে ২৭ হাজাৰৰো অধিক লোকৰ। ক’ৰ’ণা ভাইৰাছত আক্ৰান্ত হৈ ৰোগমুক্ত হোৱা লোকৰ সংখ্যা ৬.৭৫ লাখ।

Related News