NORTHEAST NOW (Assamese)
অসম

সাংসদ পুঁজিৰ ব্যৱহাৰত বিত্তীয় অনিয়ম: অসম অসামৰিক সেৱাৰ চাৰি বিষয়াক নিলম্বন

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী March 19, 2023 10:14 am
ACS officers suspended

সাংসদ স্থানীয় এলেকা উন্নয়ন পুঁজিৰ অধীনত কাম-কাজ সম্পাদন কৰাত বিত্তীয় অনিয়মৰ অভিযোগত অসম অসামৰিক সেৱাৰ চাৰিগৰাকী বিষয়াক নিলম্বন কৰা হৈছে।

মুখ্যমন্ত্ৰীৰ বিশেষ ভিজিলেন্স চেলে এই অভিযোগৰ তদন্ত কৰি ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞাৰ ২০২১-২২ আৰু ২০২২-২৩ বৰ্ষৰ কাম-কাজ সম্পাদন আৰু ধন ব্যৱহাৰৰ ক্ষেত্ৰত অনিয়ম ধৰা পেলাইছিল।

শনিবাৰে অসম কৰ্মচাৰী বিভাগে (পাৰ্ছনেল এ) জাৰি কৰা নিৰ্দেশনাত প্ৰকাশ কৰা অনুসৰি বিভাগীয় কাৰ্যবিধিৰ মীমাংসা নোহোৱালৈকে বিষয়াকেইগৰাকীক তাৎক্ষণিকভাৱে নিলম্বন কৰা হৈছে।

নিলম্বিত বিষয়াসকলৰ ভিতৰত অন্যতম হৈছে নিৰ্মাণ সমিতিৰ সভানেত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা গৃহ আৰু ৰাজনৈতিক বিভাগৰ উপ-সচিব শৰ্মিষ্ঠা বৰা।

অতিৰিক্ত উপায়ুক্ত তথা কামৰূপ মেট্ৰ’পলিটানৰ সহকাৰী আয়ুক্ত সুকন্যা বৰা আৰু হেমন্ত কুমাৰ দত্তকো এই অভিযোগত নিলম্বন কৰা হৈছে। দুয়োগৰাকীয়ে নিৰ্মাণ সমিতিৰ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।

আনহাতে বৰ্তমান তিনিচুকীয়াৰ জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া মুনীন্দ্ৰ বৰদলৈকো কামৰূপ মহানগৰ জিলাৰ জিলা উন্নয়ন আয়ুক্তৰ তদানীন্তন ভাৰপ্ৰাপ্ত বিষয়া হিচাপে জড়িত থকা বাবে কথিতভাৱে নিলম্বন কৰা হৈছে।