NORTHEAST NOW (Assamese)
দেশ

তৰোৱালেৰে জন্মদিনৰ কেক্ কাটি বিপদত যুৱক: ৰঙাঘৰৰ আলহী হ’ল চাৰি যুৱক

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী September 5, 2022 10:38 am
Man Using Sword To Cut Birthday Cake

নিজা চখ পূৰণৰ আকাংক্ষা সকলো ব্যক্তিৰে থাকে। পিছে এই চখ পূৰণৰ ক্ষেত্ৰত কেতিয়াবা সাৱধান হোৱা উচিত। নহ’লে ৰঙাঘৰৰ আলহী হ’ব পাৰে আপুনিও। এই চখ পূৰণৰ বাবেই গ্ৰেপ্তাৰ হ’বলগীয়া হৈছে চাৰিজন যুৱক।

মহাৰাষ্ট্ৰৰ লাতুৰ জিলাত ৰাজহুৱাভাৱে জন্মদিন উদযাপন কৰি তৰোৱালেৰে কেক কটাৰ বাবে আৰক্ষীয়ে দেওবাৰে চাৰিজন যুৱকক গ্ৰেপ্তাৰ কৰে।

আৰক্ষীয়ে জানিবলৈ দিয়া মতে হৃত্বিক হুলগেণ্ডে নামৰ যুৱকগৰাকীয়ে নিজৰ জন্মদিন উদযাপন কৰাৰ নামত ৰাজহুৱাভাৱে এখন তৰোৱালেৰে কেক্ কাটে।

এই অনুষ্ঠানত যুৱকগৰাকীৰ সৈতে কেইবাগৰাকীও বন্ধু উপস্থিত আছিল। ২ ছেপ্টেম্বৰত উদযাপন কৰা এই অনুষ্ঠানত অংশগ্ৰহণ কৰা তিনিজন যুৱকৰ লগতে জন্মদিন পালন কৰা যুৱকগৰাকীকো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।

হৃত্বিক হুলগেণ্ডেৰ লগতে ধৃত যুৱক কেইগৰাকীক ৱাজিদ চৈয়দ, সনবিধান ধাৱৰে আৰু সম্ভাক কাম্বলে বুলি চিনাক্ত কৰা হৈছে।

স্থানীয় বিবেকানন্দ আৰক্ষী থানাৰ উপ পৰিদৰ্শক গৰাকীয়ে জানিবলৈ দিয়া মতে অনুষ্ঠানত উপস্থিত থকা আন দুজন যুৱক সন্ধানহীন হৈ আছে।

সন্ধানহীন যুৱক কেইগৰাকীক গ্ৰেপ্তাৰৰ বাবে সন্ধান চলাই আছে বুলিও তেওঁ লগতে কয়।

বিষয়া গৰাকীয়ে উল্লেখ কৰা মতে যুৱক কেইগৰাকীয়ে ছ’চিয়েল মিডিয়াত জন্মদিন উদযাপনৰ ফটো শ্বেয়াৰ কৰিছিল। এই ফটোসমূহৰ আধাৰতে আৰক্ষীয়ে যুৱক কেইগৰাকীক গ্ৰেপ্তাৰ কৰা হৈছে বুলি তেওঁ জানিবলৈ দিয়ে।