NORTHEAST NOW (Assamese)
দেশ

শোকাৱহ! চিলিণ্ডাৰ বিস্ফোৰণত চাৰি সন্তানসহ দম্পতীৰ মৃত্যু

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী January 12, 2023 7:48 pm
Cylinder Blast In Haryana

হাৰিয়ানাৰ পানিপটত এক শোকাৱহ ঘটনাত প্ৰাণ হেৰুৱাইছে এটা পৰিয়ালে। ৰন্ধন গেছৰ চিলিণ্ডাৰ বিস্ফোৰণৰ ফলত পৰিয়ালটোৰ ছয়গৰাকী লোকে প্ৰাণ হেৰুওৱাৰ খবৰ পোৱা গৈছে।

ঘটনা সন্দৰ্ভত আৰক্ষীয়ে জনোৱা মতে, এই বিস্ফোৰণে এহাল দম্পতী আৰু তেওঁলোকৰ চাৰি সন্তানৰ প্ৰাণ কাঢ়ি নিয়ে।

পানীপাট জিলাৰ বিচপৰি গাঁৱৰ সমীপৱৰ্তী তহচিল কেম্প এলেকাত সংঘটিত হৈছে এই ঘটনা।

পানিপটৰ তহচিল কেম্প থানাৰ ভাৰপ্ৰাপ্ত বিষয়া গৰাকীয়ে জানিবলৈ দিয়া মতে চিলিণ্ডাৰ লিক হোৱাৰ ফলত জুই লাগিছিল আৰু মুহূৰ্ততে জুয়ে গোটেই ঘৰটো আৱৰি ধৰিছিল।

জানিব পৰা মতে পৰিয়ালটোৰ চুবুৰীয়া লোকসকলে ঘৰটোৰ পৰা ধোঁৱা ওলোৱা লক্ষ্য কৰি আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনীক খবৰ দিয়ে।

এই খবৰ লাভ কৰাৰ পাছতে আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনী ঘটনাস্থলীত উপস্থিত হয় আৰু উদ্ধাৰ অভিযান আৰম্ভ কৰে।

অৱশ্যে সেই সময়লৈ জুইত সম্পূৰ্ণৰূপে জাহ গৈছিল পৰিয়ালটোৰ সদস্যসকল। দম্পতীহালৰ লগতে তেওঁলোকৰ দুই কন্যা সন্তান আৰু দুই পুত্ৰ সন্তানে এই শোকাৱহ ঘটনাত প্ৰাণ হেৰুৱায়।

জানিব পৰা মতে নিহত পৰিয়ালটোৱে পশ্চিম বংগৰ পৰা পানিপটলৈ প্ৰব্ৰজন কৰিছিল আৰু স্থানীয় এক কাৰখানাত কাম কৰিছিল।