NORTHEAST NOW (Assamese)
অসম

শিক্ষা মন্ত্ৰ্যালয়ৰ নতুন স্কুল বেগ নীতি; ছাত্ৰ-ছাত্ৰীৰ শৰীৰৰ ওজনৰ ১০ শতাংশতকৈ অধিক হ’ব নোৱাৰিব স্কুল বেগৰ ওজন

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ December 9, 2020 11:59 am

ছাত্ৰ-ছাত্ৰী সকলে বিদ্যালয়লৈ কঢ়িয়াবলগীয়া হোৱা স্কুল বেগৰ ওজনৰ ক্ষেত্ৰত নতুন নিৰ্দেশনা জাৰি কৰিছে কেন্দ্ৰীয় শিক্ষা মন্ত্ৰ্যালয়ে।

দেশৰ শিক্ষা মন্ত্ৰ্যালয়ে প্ৰস্তুত কৰা ২০২০ বৰ্ষৰ স্কুল বেগ নীতি অনুসৰি ছাত্ৰ-ছাত্ৰীৰ বিদ্যালয়লৈ লৈ যোৱা বেগৰ ওজন তেওঁলোকৰ শৰীৰৰ ওজনৰ ১০ শতাংশতকৈ অধিক হ’ব নোৱাৰিব।

ইয়াৰ উপৰি শেহতীয়া স্কুল বেগ নীতিত উল্লেখ কৰা অনুসৰি বিদ্যালয় সমূহত ল’কাৰৰ ব্যৱস্থা থাকিব লাগিব লগতে ট্ৰ’লী স্কুল বেগ বন্ধ হ’ব লাগিব।

আনহাতে, ছাত্ৰ-ছাত্ৰী সকলৰ বেগৰ ওজন নিৰূপনৰ বাবে বিদ্যালয় সমূহত ডিজিটেল ওজন জোখা মেচিনো থাকিব লাগিব বুলি শিক্ষা মন্ত্ৰ্যালয়ে জাননীত উল্লেখ কৰে।

উল্লেখযোগ্য যে, ২০১৮ চনত অসমৰ শিক্ষা বিভাগে স্কুল বেগৰ ওজন হ্ৰাস কৰা সন্দৰ্ভত নিৰ্দেশনা জাৰি কৰিছিল।

অসম চৰকাৰৰ নিৰ্দেশনা অনুসৰি, প্ৰথম আৰু দ্বিতীয় শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলে সৰ্বোচ্চ ওজন ১.৫ কেজি, তৃতীয় আৰু ৪ৰ্থ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীয়ে সৰ্বোচ্চ ৩ কেজি, ৫ম আৰু ৬ষ্ঠ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীয়ে ৪ কেজি আৰু ৮ম, ৯ম আৰু ১০ম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীয়ে কঢ়িয়াবলগীয়া সৰ্বোচ্চ ওজন আছিল ৫ কেজি।