NORTHEAST NOW (Assamese)
Popular Stories

সমগ্ৰ উত্তৰ-পূবতে ১১ ডিচেম্বৰৰ দিনটো ‘ক’লা দিৱস’ হিচাপে পালন কৰিব নেছোই

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ December 9, 2020 11:48 am

১১ ডিচেম্বৰৰ দিনটো ‘ক’লা দিৱস’ হিচাপে পালন কৰিব বুলি ঘোষণা কৰিছে উত্তৰ-পূব ছাত্ৰ সন্থাই।

এই দিনটোত উত্তৰ-পূবৰ প্ৰতিখন ৰাজ্যৰে মুখ্য অঞ্চল সমূহত ছাত্ৰ সংগঠনটোৰ সদস্যসকলে ক’লা পতাকা আৰু ক’লা বেনাৰ লৈ প্ৰতিবাদ সাব্যস্ত কৰিব।

উল্লেখ্য যে ২০১৯ চনৰ ১১ ডিচেম্বৰৰ দিনটোতে সদনত জাতিধ্বংসী নাগৰিকত্ব সংশোধনী আইন চমুকৈ কা গৃহীত হৈছিল।

ইয়াৰ পিছতে উত্তৰ-পূব ছাত্ৰ সন্থাই ১১ ডিচেম্বৰৰ দিনটো ক’লা দিন হিচাপে ঘোষণা কৰি প্ৰতিবছৰে এই দিৱস পালনৰ কথা ঘোষণা কৰিছিল।

এই সন্দৰ্ভত নেছোৰ অধ্যক্ষ চেমুৱেল জিৰৱাই কয়, ‘উত্তৰ-পূবৰ বলিষ্ঠ প্ৰতিবাদক আওকান কৰি কেন্দ্ৰই যোৱা বৰ্ষৰ ১১ ডিচেম্বৰত এই জাতিধ্বংসী আইনখন গৃহীত কৰিছিল। সেয়ে নেছোই ১১ ডিচেম্বৰৰ দিনটো উত্তৰ-পূবৰ বাবে ক’লা দিন বুলি ঘোষণা কৰিছিল’।

তেওঁ লগতে কয় যে ১১ ডিচেম্বৰৰ দিনটো ক’লা দিৱস হিচাপে পালন কৰাৰ পিছত কেন্দ্ৰীয় চৰকাৰে জানিব পাৰিব যে উত্তৰ-পূবৰ লোকে এতিয়াও কা মানি লোৱা নাই।

উল্লেখ্য উত্তৰ-পূবৰ সাতখন ৰাজ্যৰ ছাত্ৰ সংগঠনক সামৰি গঠন হৈছিল নেছো।