NORTHEAST NOW (Assamese)
অসম

নগাঁও কেন্দ্ৰীয় কাৰাগাৰৰ চাৰিগৰাকী কয়দী ক’ৰ’নাত আক্ৰান্ত

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 17, 2020 10:06 pm
Covid death toll in Assam reaches 930

গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰ, গোলাঘাট জিলা কাৰাগাৰৰ পাছত এইবাৰ নগাঁঁও কেন্দ্ৰীয় কাৰাগাৰত ঘটিছে ক’ৰ’নাৰ সংক্ৰমণ। নগাঁও কেন্দ্ৰীয় কাৰাগাৰৰ চাৰি গৰাকী কয়দী আজি কভিড -১৯ ত আক্ৰান্ত হোৱাৰ তথ্য লাভ কৰা হৈছে।

আজি সন্ধিয়া প্ৰায় ৮ বজাত স্বাস্থ্য বিভাগে প্ৰদান কৰা নমুনাৰ ফলাফল অনুসৰি কয়দী চাৰি গৰাকী ক’ভিড -১৯ পজিটিভ বুলি পোহৰলৈ আহে।

জিলা স্বাস্থ্য বিভাগে জানিব দিয়া অনুসৰি আক্ৰান্ত হোৱা কয়দী চাৰি গৰাকী হ’ল ক্ৰমে- নগাঁও চহৰৰ সমীপৱৰ্তী কাটিমাৰীৰ চাহিদুল চৰকাৰ, ইংলিছ পট্টিৰ বিশ্বজিৎ দেৱনাথ, কলিয়াবৰ উলুৱনীৰ নোমল ভূঞা আৰু কলিয়াবৰ বৰুৱাচুকৰ কামিনী কাঞ্চন বৰুৱা।

ইতিমধ্যে নগাঁৱৰ জিলা স্বাস্থ্য বিভাগে চাৰিও গৰাকী হাজোতীকে কাৰাগাৰৰ পৰা স্থানান্তৰিত কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে।

জিলা কাৰাগাৰ কৰ্তৃপক্ষৰ অৱহেলাৰ বাবেই কয়দীৰ মাজত গণ সংক্ৰমণৰ আশংকা কৰা হৈছে। এতিয়া জেইলৰ ভিতৰত থকা কয়দীসকলৰ সুৰক্ষাৰ বাবে জেইল কৰ্তৃপক্ষই কেনে ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষ্যণীয় হ’ব।