NORTHEAST NOW (Assamese)

আমেৰিকাৰ নিৰ্বাচনত ভাৰতীয় বংশোদ্ভূত ডেম’ক্ৰেট দলৰ চাৰিগৰাকী প্ৰাৰ্থী জয়ী

November 5, 2020 8:03 am · এন ই নাও নিউজ
Updated: November 5, 2020 8:07 am

এতিয়াও মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ভোট গণনা সমাপ্ত হোৱা নাই। দুই প্ৰতিদ্বন্দ্বীৰ ড’নাল্ড ট্ৰাম্প আৰু জ’ বিডেনৰ উত্থান-পতনৰ মাজেৰে মাৰ্কিন ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ভোট গণনা অব্যাহত আছে।

ভোট গণনাত ড’নাল্ড ট্ৰাম্প আৰু জ’ বিডেনৰ নিৰ্বাচনী যুঁজ অতি আকৰ্ষণীয় আৰু উত্তেজনাৰ শীৰ্ষত আৰোহণ কৰি থকাৰ সময়তে মাৰ্কিন যুক্তৰাৰষ্ট্ৰৰ হাউছ ৰিপ্ৰেজেণ্টিটিভৰ নিৰ্বাচনত ভাৰতীয় মূলৰ ডেমে’ক্ৰেট দলৰ চাৰি গৰাকীকৈ প্ৰাৰ্থীয়ে বিজয় সাব্যস্ত কৰিছে।

উল্লেখ্য যে মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতিৰ নিৰ্বাচনৰ লগতে হাউছ ৰিপ্ৰেজেণ্টিটিভৰ নিৰ্বাচনো অনুষ্ঠিত হৈছিল।

এই নিৰ্বাচনত ইলিয়নৰ পৰা ৰাজা কৃষ্ণমূৰ্তি, কেলেফ’ৰ্ণিয়াৰ পৰা ডাঃ অমি বেৰা, ৱাশ্বিংটনৰ পৰা প্ৰমীলা জয়পাল আৰু ক’লেফ’ৰ্ণিয়াৰ পৰাই ৰো খান্নাই মাৰ্কিন যুক্তৰাষ্ট্ৰৰ হাউজ অৱ ৰিপ্ৰেজেন্টিটিভলৈ নিৰ্বাচিত হৈছে।

উল্লেখ্য যে মাৰ্কিন যুক্তৰাষ্ট্ৰৰ নিৰ্বাচনত ভাৰতীয় বংশোদ্ভূত ভোটাৰে যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে।

দেশখনত ৪ মিলিয়নৰো অধিক ভাৰতীয় বংশোদ্ভূত ভোটাৰ আছে। সেয়ে ভাৰতীয় ভোটাৰক আকৰ্ষণ কৰিবলৈ এইবাৰ নিৰ্বাচনত ট্ৰাম্পৰ ৰিপাব্লিকান আৰু বিডেনৰ ডেম’ক্ৰেট দলে হাউজ অৱ ৰিপ্ৰেজেণ্টিটিভৰ নিৰ্বাচনত কেবাজনো ভাৰতীয় বংশোদ্ভূত প্ৰাৰ্থীক প্ৰাৰ্থীত্ব প্ৰদান কৰিছিল।

Related News