NORTHEAST NOW (Assamese)
অসম

বাংলাদেশত প্ৰশিক্ষণপ্ৰাপ্ত চাৰিগৰাকী এন এল এফ টি বিদ্ৰোহীৰ আত্মসমৰ্পন

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ February 12, 2021 4:12 pm

বাংলাদেশত প্ৰশিক্ষণপ্ৰাপ্ত চাৰিগৰাকী নেশ্যনেল লিবাৰেশ্যন ফ্ৰণ্ট অফ ত্ৰিপুৰাৰ কেডাৰে ত্ৰিপুৰাত নিৰাপত্তাৰক্ষী বাহিনীৰ সন্মুখত আত্মসমৰ্পন কৰে।

বাংলাদেশত প্ৰশিক্ষণপ্ৰাপ্ত এন এল এফ টিৰ বিদ্ৰোহী কেইগৰাকীয়ে চুবুৰীয়া দেশখনৰ এটা কেম্পৰ পৰা ৩১ জানুৱাৰিত পলাই আহিছিল।

বৃহস্পতিবাৰে আত্মসমৰ্পন কৰা এন এল এফ টি বিদ্ৰোহী চাৰিগৰাকী হৈছে ক্ৰমে- শেঠী দেৱবৰ্মা(২০), ৰাজীৱ দেৱবাৰ্মা(১৮), বিশাৰাম ৰেং লালং(২১) আৰু জামিনা ৰেয়াং(২৬)।

আৰক্ষী সূত্ৰই প্ৰকাশ কৰা অনুসৰি বিদ্ৰোহী কেইগৰাকীয়ে ৩১ জানুৱাৰিত বাংলাদেশৰ ৰাঙামাটি জিলাৰ বগাইচাৰিত থকা কেম্পৰ পৰা পলায়ন কৰে।

আত্মসমৰ্পন কৰা আটাইকেইগৰাকী বিদ্ৰোহী ত্ৰিপুৰাৰ বাসিন্দা।

বৰ্তমান আটাইকেইগৰাকী বিদ্ৰোহীকে অধিক তথ্যৰ সন্ধানত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

প্ৰাথমিক তদন্তত চাৰিওগৰাকী এন এল এফ টি বিদ্ৰোহীয়ে ২০১৮-১৯ চনত এন এল এফ টিত যোগদান কৰা বুলি স্বীকাৰ কৰিছে।

আনহাতে, আৰক্ষীৰ সন্মুখত বিদ্ৰোহী কেইগৰাকীয়ে তেওঁলোকৰ তথাকথিত স্বাধীন ত্ৰিপুৰাৰ বাবে কৰা সংগ্ৰাম ৰাজ্যখনৰ উন্নয়ন বিৰোধী বুলি পৰৱৰ্তী সময়ত তেওঁলোকে অনুধাৱন কৰে বুলিও কয়।