NORTHEAST NOW (Assamese)
অসম

ৰাম মন্দিৰ নিৰ্মাণৰ বাবে বৰ্তমানলৈ ১০০০ কোটিৰো অধিক অৰ্থ সাহায্য সংগ্ৰহ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ February 12, 2021 4:32 pm
ৰাম মন্দিৰ নিৰ্মাণৰ বাবে বৰ্তমানলৈ ১০০০ কোটিৰো অধিক অৰ্থ সাহায্য সংগ্ৰহ

অযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণৰ বাবে বৰ্তমানলৈ ১০০০ কোটিতকৈ অধিক আৰ্থিক অনুদান সংগ্ৰহ হৈছে।

শ্ৰীৰাম জন্মভূমি তীৰ্থক্ষেত্ৰ ষ্ট্ৰাষ্টৰ এগৰাকী সদস্যই এই কথা প্ৰকাশ কৰে।

বিগত মাহৰ পৰা ৰাম মন্দিৰ নিৰ্মাণৰ বাবে দেশজুৰি আৰম্ভ কৰা অনুদান সংগ্ৰহ অভিযানৰ পাছতে ১০০০ কোটিতকৈ অধিক অৰ্থ সংগ্ৰহ হৈছে।

ষ্ট্ৰাষ্টৰ সম্পাদক চম্পট ৰায়ে জনোৱা মতে দেশৰ সকলো জাতি-জনগোষ্ঠীৰ লোকে ইচ্ছানুসৰি ৰাম মন্দিৰ নিৰ্মাণৰ বাবে অৰ্থ সাহায্য আগবঢ়াইছে।

দেশত প্ৰায় ডেৰ লাখৰো অধিক বিশ্ব হিন্দু পৰিষদৰ সক্ৰিয় কৰ্মীয়ে ৰাম মন্দিৰ নিৰ্মাণৰ বাবে অৰ্থ সংগ্ৰহ অভিযানত অংশগ্ৰহণ কৰি আছে।

দেশৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ লগতে বিজেপি সাংসদ গৌতম গম্ভীৰ আৰু বহুসংখ্যক কংগ্ৰেছ নেতা-কৰ্মীয়ো ৰাম মন্দিৰ নিৰ্মাণৰ বাবে অৰ্থ সাহায্য আগবঢ়াইছে।

উচ্চতম ন্যায়ালয়ে ৰাম মন্দিৰৰ গোচৰৰ ৰায়দান প্ৰদান কৰাৰ পাছতে অযোধ্যাত ৰাম মন্দিৰৰ নিৰ্মাণ কাৰ্য্যৰ কাম আৰম্ভ হৈছে।