NORTHEAST NOW (Assamese)
অসম

বিজেপিৰ বিৰুদ্ধে “অসমীয়া-বংগভাষী” শক্তি গঠন অসম জাতীয় পৰিষদৰ

Posted by: জাহ্নৱী বৰুৱা Updated by: জাহ্নৱী বৰুৱা February 12, 2021 4:43 pm
IMG-20210212-WA0003(2)

বিজেপিয়ে বাংলাভাষীক সংকটৰ মাজলৈ ঠেলি দিব বিচাৰিছে। কা বলবৎ কৰি অসমীয়া আৰু বঙালী লোকৰ মাজত বিভাজন সৃষ্টি কৰাৰ লগতে সংঘাত আনিব বিচাৰিছে।

বিজেপিয়ে সৃষ্টি কৰিব বিচৰা এই সংঘাত দূৰ কৰিবৰ কাৰণে অসম জাতীয় পৰিষদে এক পদক্ষেপ হাতত লোৱা বুলি জানিবলৈ দিয়ে দলটোৰ উপ সভাপতি অদীপ ফুকনে।

শুকুৰবাৰে অসম জাতীয় পৰিষদৰ মুখ্য কাৰ্য্যালয়ত এক সংবাদমেল সম্বোধন কৰি ফুকনে কয়, “বাহিৰৰ পৰা বতাহ আনি অসমত বলাই অসমত যি পৰিস্থিতিৰ সৃষ্টি কৰিছে সেয়া আমি হ’বলৈ নিদিওঁ। ইয়াক বাধা দিবৰ কাৰণে অসমৰ চিন্তাশীল বাংলাভাষী লোকক লৈ বংগ ভাষী অসমীয়া শক্তি সৃষ্টি কৰিব বিচাৰিছো।”

ইতিমধ্যে সমগ্ৰ অসমতে ঐক্যবদ্ধ প্ৰচেষ্টাৰে এই শক্তিৰ কাম কাজ আৰম্ভ হৈছে।

“অসমৰ বাংলাভাষী লোকসকলে ভাষিক, ৰাজনৈতিক, আৰ্থ সমাজিক অধিকাৰ লাভ কৰিব পাৰে বা এনে ক্ষেত্ৰত কোনেও যাতে ৰাজনীতি কৰিব নোৱাৰে তাৰ বাবে এটা সন্মিলিত শক্তি গঠন কৰা হৈছে”-ফুকনে সংবাদমেলত কয়।

ইয়াৰ উপৰিও কোভিড-১৯ত কৈও কা আইনখন বেছি ভয়াৱহ বুলি দাবী কৰি ফুকনে লগতে কয়, “এই কা অসমত বলৱৎ কৰিলে বিজেপি চৰকাৰে যিকোনো প্ৰত্যাহ্বানৰ তথা পৰিণামৰ বাবে সাজু থাকিব লাগিব।”

আনহাতে, অসমত নতুন আঞ্চলিকতাবাদী চৰকাৰ গঠন হ’লে “কা” খন অসমত বলবৎ কৰিব নোৱাৰাকৈ প্ৰস্তাৱ গ্ৰহণ কৰিব বুলিও তেওঁ সংবাদমেলত সদৰী কৰে।