NORTHEAST NOW (Assamese)
অসম

কি আৰম্ভ হৈছে এইবোৰ? টুইটাৰৰ প্ৰায় সকলো ভাৰতীয় কৰ্মীকে ছাঁটাই কৰিলে এলন মাস্কে!

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী November 5, 2022 7:25 am

এলন মাস্কে কি আৰম্ভ কৰিছে এইবোৰ! টুইটাৰৰ নতুন গৰাকী আৰু মুখ্য কাৰ্যবাহীগৰাকীয়ে সম্পূৰ্ণৰূপে একনায়কত্ববাদী আচৰণেৰে সকলোৰে চাকৰি কাঢ়ি লৈছে! টুইটাৰৰ গৰাকী হোৱাৰ লগে লগে তেওঁ কোনো জাননী অবিহনে ব্যাপক ছাঁটাই আৰম্ভ কৰে। দায়িত্ব লোৱাৰ এসপ্তাহৰ ভিতৰতে কোম্পানীটোৱে ঘোষণা কৰে যে হাজাৰ হাজাৰ কৰ্মচাৰীয়ে টুইটাৰত চাকৰি হেৰুৱাব। এইবাৰ বিধ্বংসী ‘লে-অফ’ চুনামিয়ে আঘাত কৰিলে ভাৰতত।

সূত্ৰসমূহৰ মতে, টুইটাৰে প্ৰায় সকলো ভাৰতীয় কৰ্মচাৰীক ছাঁটাই কৰিছে। ছান ফ্ৰাঞ্চিস্কোস্থিত আমেৰিকা যুক্তৰাষ্ট্ৰৰ কমিউনিকেশ্যন কোম্পানীটোৰ ভাৰতত ২৫০ জন কৰ্মচাৰী আছে। শুকুৰবাৰে আবেলি প্ৰায় ৪ বজাত তেওঁলোকক মেইলযোগে জনোৱা হয় যে তেওঁলোক আৰু চাকৰিত নাই। তদুপৰি, এলনৰ সংস্থাটোৱে স্বেচ্ছাই চাকৰি এৰি দিয়াৰ প্ৰস্তাৱো দিছে।

লগতে পঢ়ক: শাসনলৈ আহিলে অগ্নিপথ আঁচনি বাতিল কৰিব কংগ্ৰেছেঃ প্ৰিয়ংকা গান্ধী

এগৰাকী কৰ্মচাৰীয়ে কয় যে ‘ঠিকাভিত্তিক কৰ্মচাৰী’সকলক ৰখা হৈছে। কেইবাজনো উচ্চ পদস্থ কৰ্মচাৰীয়ে টুইট কৰি টুইটাৰক ধন্যবাদ জনাই লগ-আউট কৰিছে। সূত্ৰ অনুসৰি, এলন মাস্কৰ কোম্পানীয়ে ইয়াৰ প্ৰায় ৫০ শতাংশ কৰ্মচাৰীক কমিউনিকেশ্যন, গ্লোবেল কন্টেন্ট পাৰ্টনাৰশ্বিপ, বিক্ৰী, বিজ্ঞাপন ৰাজহ, অভিযান্ত্ৰিক আৰু সামগ্ৰী বিভাগৰ পৰা আঁতৰাই দিছে।

মাস্কে যোৱা মাহত ৪৪ বিলিয়ন ডলাৰত ছচিয়েল মিডিয়া প্লেটফৰ্মটো ক্ৰয় কৰিছিল। ইয়াৰ পিছত তেওঁ টুইটাৰৰ ব্যয় হ্ৰাস কৰাৰ সিদ্ধান্ত লয়। এলনে ইয়াৰ বাবে লৈছিল গণ ছাঁটাইৰ সিদ্ধান্ত।

লগতে পঢ়ক: পঞ্জাৱত শিৱসেনাৰ নেতাক গুলীয়াই হত্যা, কিছুদিন পূৰ্বে গ্ৰেপ্তাৰ হৈছিল আপত্তিজনক মন্তব্যৰ বাবে

এলন মাস্কে টুইটাৰৰ দায়িত্ব লোৱাৰ পিছত এটাৰ পিছত এটা কৈ নিয়ম সলনি কৰি আছে। ব্লু টিকৰ বাবে মাহে প্ৰায় 8 ডলাৰ (প্ৰায় ৭০০ টকা) আদায় কৰাৰ সিদ্ধান্তৰ পিছত টুইটাৰৰ গৰাকীয়ে এইবাৰ কৰ্মচাৰী খেদাৰ অভিযান চলাইছে। কোম্পানীটো চলাবলৈ কিমান জন কৰ্মচাৰীৰ প্ৰয়োজন সেইটো গণনা কৰি মাস্কে ছাঁটাইৰ পথ লৈছে।জানিব পৰা গৈছে যে তেওঁ প্ৰায় ৩,৭০০ কৰ্মচাৰীক ছাঁটাই কৰিবলৈ আগবাঢ়িছে। এলনে দায়িত্ব লোৱাৰ লগে লগে টুইটাৰও একাধিকবাৰ ঘণ্টাধৰি নিষ্ক্ৰিয় হৈ আছে!