NORTHEAST NOW (Assamese)
অসম

চামগুৰিত ৪ টাকৈ দুৰ্ধৰ্ষ চোৰক গ্ৰেপ্তাৰ; ৩ জনক জে’ল লৈ প্ৰেৰণ

Posted by: বিদ্যুৎ জ্যোতি বৰা Updated by: বিদ্যুৎ জ্যোতি বৰা August 10, 2019 6:38 pm
চামগুৰিত ৪ টাকৈ দুৰ্ধৰ্ষ চোৰক গ্ৰেপ্তাৰ; ৩ জনক জে’ল লৈ প্ৰেৰণ

নগাঁও জিলাৰ চামগুৰি আৰক্ষীয়ে যোৱা নিশা অভিযান চলাই চাৰিটাকৈ দুৰ্ধৰ্ষ চোৰক কৰায়ত্ত কৰিবলৈ সক্ষম হয়।

জানিব পৰা মতে যোৱা নিশা গোপন সূত্ৰৰ ভিত্তিত চামগুৰি সমষ্টিৰ অধীনৰ খাটোৱাল আৰক্ষী থানাৰ অন্তৰ্গত গেৰুৱাআটিত চামগুৰি আৰক্ষীৰ এটা দলে অভিযান চলাই শেখ ফৰিদ (১৯), আনোৱাৰ হুছেইন  (১৯), ঈশ্বৱ আলী (২১)ক আটক কৰে।

ইয়াৰ পিছতে আজি পুনৰ চামগুৰি আৰক্ষীয়ে অভিযান চলাই খাটোৱাল থানাৰ অন্তৰ্গত গেৰুৱামুখৰ পৰা মুস্তাকিন হুছেইন (২৪) নামৰ এটা দুৰ্ধৰ্ষ চোৰক কৰায়ত্ত কৰে।

আৰক্ষীয়ে আটকাধীন শেখ ফৰিদৰ ঘৰৰ পৰা ৫৬ টা ম’বাইল উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

আটকাধীন শেখ ফৰিদ, আনোৱাৰ হুছেইন আৰু ঈশ্বৱ আলীক চামগুৰি থানাৰ ২৩৯/১৯ নং গোচৰ অধীনত ভাৰতীয় দণ্ড বিধিৰ ৪৫৭/৩৮০ আই পি চি ধাৰা অনুসৰি জেইল হাজোতলৈ পেৰণ কৰিছে।

বিপৰীতে আজি আটক কৰা মুস্তাকিন হুছেইনক আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে বুলি আৰক্ষীৰ সূত্ৰে প্ৰকাশ কৰিছে।

উল্লেখযোগ্য যে অলপতে চামগুৰি আৰক্ষী থানাৰ অন্তৰ্গত বৰমা তিনি আলিস্থিত মাৰুফ টেলিক’ম নামৰ মোবাইল দোকানত প্ৰায় ১০ জনীয়া এটা চোৰৰ দলে প্ৰায় ১০ লক্ষাধিক টকাৰ সামগ্ৰী লুটি নিছিল।