NORTHEAST NOW (Assamese)
Popular Stories

ৰাষ্ট্ৰীয় উদ্যমিতাৰ বঁটা ২০১৯ৰ বাবে আবেদন আহ্বান

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 10, 2019 6:27 pm

ভাৰত চৰকাৰৰ দক্ষতা বিকাশ আৰু উদ্যমিতা মন্ত্ৰ্যালয়ে উদ্যমিতাৰ ক্ষেত্ৰখনত ভাৰতৰ আটাইতকৈ বৃহৎ সন্মান ‘ৰাষ্ট্ৰীয় উদ্যমিতা বঁটা (NEA)’ ২০১৯ আগবঢ়াব।

০১.০৮.২০১৯ৰ পৰা ১০.০৯.২০১৯লৈকে উক্ত বঁটাৰ বাবে মনোনয়ন প্ৰক্ৰিয়া খোলা থাকিব।

ৰাষ্ট্ৰীয় উদ্যমিতা বঁটা ২০১৯-এ Young Entrepreneurs and Entrepreneurial Ecosystem Buildersৰ মনোনয়ন/আবেদনৰ বাবে সমগ্ৰ ভাৰতৰ পৰা ৰাইজৰ অংশগ্ৰহণ কামনা কৰিছে। উক্ত বঁটাৰ উদ্দেশ্য হৈছে উদ্যমিতাৰ প্ৰতি যুৱ প্ৰজন্মক আগ্ৰহী কৰি তোলা।

উত্তৰ-পূবৰ ৰাজ্যকেইখনৰ পৰা যোগ্য উদ্যোগীক বাচি উলিয়াবৰ আই আই টি গুৱাহাটী-টেক্ন’লজি ইন্কুবেশ্যন চেণ্টাৰক উত্তৰ-পূবৰ আঞ্চলিক অংশীদাৰ হিচাপে নিযুক্ত কৰা হৈছে।

সেই উদ্দেশ্যে যোৱা ৮ আগষ্টত গুৱাহাটীৰ আমবাৰীস্থিত ‘দ্যা নেষ্ট’ত আই আই টি গুৱাহাটীয়ে এটি দিকদৰ্শন অনুষ্ঠান (অ’ৰিয়ণ্টেশ্যন প্ৰ’গ্ৰেম)ৰ জৰিয়তে ৰাষ্ট্ৰীয় উদ্যমিতা বঁটা ২০১৯ৰ প্ৰচাৰ আৰম্ভ কৰে। উক্ত অনুষ্ঠানত যোৱাবাৰ উত্তৰ-পূৰ্বাঞ্চলৰ পৰা উক্ত বঁটা লাভ কৰা ব্যক্তিসকল উপস্থিত থাকি নিজৰ অভিজ্ঞতা ব্যক্ত কৰে।

উল্লেখযো্গ্য যে আমবাৰীৰ উপৰি একেটা দিনতে কোকৰাঝাৰ আৰু তেজপুৰতো একেধৰনৰ অনুষ্ঠানৰ আয়োজন কৰা হৈছিল।

ইচ্ছুক প্ৰাৰ্থীসকলে ১০.০৯.২০১৯ৰ ভিতৰত www.neas.gov.in ত অনলাইন এপ্লাই কৰিব পাৰে। অধিক তথ্যৰ বাবে NEAS-2019ৰ আই আই টি গুৱাহাটীৰ কাৰ্যক্ৰম সমন্বয়কক ৯৯৫৪৯২৯২২২ত ফোন কৰিব পাৰে।