NORTHEAST NOW (Assamese)
অসম

তালিবানক সমৰ্থন কৰি ফেচবুকত পোষ্ট ,অসম আৰক্ষীৰ জোৱানকে ধৰি ১৪ জনক অৱশেষত জামিন

Posted by: এন ই নাও নিউজ,গুৱাহাটী Updated by: এন ই নাও নিউজ,গুৱাহাটী October 13, 2021 8:31 am

তালিবানক সমৰ্থন কৰি ফেচবুকত পোষ্ট দিয়া ১৬ জন লোকৰ ভিতৰৰে ১৪ জনে লাভ কৰিছে জামিন।

আফগানিস্তানত তালিবানে নিজৰ আধিপত্য বিস্তাৰ কৰাৰ পিছতে অসমৰে একাংশ লোকে তালিবানৰ সমৰ্থনত ফেচবুকত পোষ্ট দিছিল।

চলিত বৰ্ষৰ আগষ্ট মাহত অসম আৰক্ষীয়ে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা তালিবানৰ সমৰ্থনত ফেচবুক পোষ্ট দিয়া ১৬ জন লোকক গ্ৰেপ্তাৰ কৰিছিল।

ইয়াৰে ১৪ জন লোকৰ জামিন গুৱাহাটী উচ্চ ন্যায়ালয়ে প্ৰদান কৰিছে।

লগতে দুজন লোকৰ জামিন আবেদন নাকচ কৰিছে ধুবুৰীৰ ন্যায়িক দণ্ডাধীশৰ আদালতে।

জামিন নাকচ কৰা লোক কেইজন হৈছে ক্ৰমে খণ্ডকাৰ নুৰ আলম আৰু ছৈয়দ আহমেদ।

উল্লেখ্য তালিবানৰ পক্ষত ফেচবুকত পোষ্ট দিছিল অসম আৰক্ষীৰে এজন জোৱানে।

ছাইদুল হক নামৰ অসম আৰক্ষীৰ জোৱান জনে তালিবানক সমৰ্থন কৰি ফেচবুকত পোষ্ট দিয়াৰ পিছতে অসম আৰক্ষীয়ে Unlawful Activities Prevention Act (UAPA)ৰ অধীনত হকক গ্ৰেপ্তাৰ কৰিছিল।

একে আইনৰ অধীনতে গ্ৰেপ্তাৰ কৰা হৈছিল মুঠ ১৬ জন লোকক।

তেওঁলোকৰ মাজৰে ১৪ জনে জামিন লাভ কৰিলে।