NORTHEAST NOW (Assamese)
অসম

আজি মহা অষ্টমী, জাক জাক বান্দৰে পান কৰিব দেৱীৰ নামত বলি দিয়া ম’হৰ তেজ, ক’ত?

Posted by: নীলমণি শৰ্মা ,কৃষ্ণাই Updated by: নীলমণি শৰ্মা ,কৃষ্ণাই October 13, 2021 7:32 am

আজি শাৰদীয় দূৰ্গা পূজাৰ মহা অষ্টমী৷

ৰাজ্যখনৰ অন্যান্য জিলাৰ লগতে গোৱালপাৰা জিলাৰ এতিহাসিক টুক্ৰেশ্বৰী দেৱালয়তো ৰজা দিনীয়া পৰম্পৰাৰে অনুস্থিত হৈছে শাৰদীয় দূৰ্গা পূজা ৷

উল্লেখ্য যে, ১৭০০ শতিকাতে বিজনীৰ ৰজা কুমুদ নাৰায়ণে আৰম্ভ কৰা এই পূজা মৃন্ময় মূৰ্ত্তি অবিহনে অনুস্থিত হৈ আহিছে।

য’ত কেৱল আধ্যাত্মিকতা বিৰাজ মান ৷ বান্দৰৰ ৰজাৰ বাবে বিখ্যাত ঐতিহাসিক দেৱালয় খনত মহা নৱমীৰ দিনা দেৱীৰ নামত বলি আগবঢ়োৱা হয় এটি অক্ষত ম’হ ৷

যি বলিৰ ৰক্তপান কৰে দেৱালয় খনৰ কপি কুলে ৷

উল্লেখ্য যে ৰজা দিনীয়া পৰম্পৰাৰে অনুষ্ঠিত টুক্ৰেশ্বৰী দেৱালয়ৰ দুৰ্গা পূজাৰ বেলবৰণৰ দিনা দেৱালয়ৰ পৰা পুৰোহিতৰ এটা দলে ঢোলে ডগৰে আহে কাষৰীয়া হাদী গাওঁলৈ ৷

পৰম্পৰা অনুসৰি মহা ষষ্ঠী পূজাৰ দিনাই সন্ধিয়া দেৱালয় খনৰ কাষতে থকা হাদী গাঁওৰ এডাল বিশেষ বেল গছৰ পৰা পূজা-অৰ্চনা কৰি এযোৰ বেল দেৱালয় খনলৈ লৈ অহা হয় ৷

তাৰ পৰবৰ্তী সময়ত আৰম্ভ অধিবাস কৰি আজি অনুস্থিত হয় অষ্টমী পূজা ৷

এইবেলিও একে পৰম্পৰাৰে অনুষ্ঠিত হৈছে শাৰদীয় দুৰ্গাপূজা। অৱশ্যে ক’ভিড প্ৰট’কল বাহাল থকাত দেৱালয় খনত ভক্তৰ উপস্থিতি যথেষ্ট সেৰেঙা ৷