NORTHEAST NOW (Assamese)
অসম

বঙাইগাঁৱত পথ দুৰ্ঘটনাত এজন নিহত

Posted by: প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও Updated by: প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও October 13, 2021 9:49 am
বঙাইগাঁৱত পথ দুৰ্ঘটনাত এজন নিহত

বঙাইগাও চহৰৰ উত্তৰ বঙাইগাঁৱত সংঘটিত এক পথ দুৰ্ঘটনাত যুৱক এজনৰ মৃত্যু ঘটিছে ৷

মৃত যুৱকজন বাবুপাৰাৰ ৰাজেশ শীল( ২৫ ) বুলি চিনাক্ত কৰা হৈছে৷

জানিব পৰা মতে নিশা প্ৰায় দহ বজাত উত্তৰ বঙাইগাঁওস্থিত ইক’ পাৰ্কৰ ওচৰত মটৰ চাইকেল আৰু চাইকেল আৰোহীৰ মাজত সংঘটিত মুখামুখী সংঘৰ্ষৰ ফলত মটৰ চাইকেল আৰু চাইকেল আৰোহী দুয়োজনেই গুৰুতৰভাৱে আহত হয় ৷

পিচত স্থানীয় ৰাইজে গুৰুতৰভাৱে আহত দুয়োজনকে এখন বেচৰকাৰী চিকিৎসালয়ত ভৰ্তি কৰায় যদিও চাইকেল আৰোহী ৰাজেশ শীল (২৫) ৰ মৃত্যু ঘটে।

আনহাতে মটৰ চাইকেল আৰোহী যশবিন্দৰ সিঙৰ অৱস্থা এতিয়াও সংকট জনক বুলি জানিব পৰা গৈছে।