NORTHEAST NOW (Assamese)
অসম

স্কেল পাতেই কাল হ’ল; মাজুলীত চাৰি বছৰীয়া কণমানিৰ সলিল সমাধি

Posted by: মিটু খাটনিয়াৰ September 4, 2018 6:39 pm
Two children drown in Tripura

মাজুলীত আজি সংঘটিত এক কৰুণ ঘটনাত পুখুৰীত পৰি এটি চাৰি বছৰীয়া শিশুৰ সলিল সমাধি ঘটাৰ খবৰে জিলাখনত এক শোকৰ ছাঁ পেলাইছে।

নামনি মাজুলীৰ গোৱালগাঁৱত এই দুৰ্ভাগ্যজনক ঘটনাটো সংঘটিত হৈছে।

প্ৰাপ্ত তথ্য মতে নীলোৎপল হাজৰিকা নামৰ ব্যক্তিজনৰ একমাত্ৰ কণমানি পুত্ৰ কৃষ্ণাভ হাজৰিকাই কিবা কথাত বিদ্যালয়ৰ পৰা আহি থাকোতে ঘৰৰ ওচৰতে থকা পুখুৰীত লগত লৈ থকা স্কেল পাত দলিয়াই থৈ যায়।

পিছত ঘৰলৈ আহি কিতাপৰ বেগটো থৈ কৃষ্ণাভে পুখুৰীত দলিয়াই অহা উক্ত স্কেল পাত পানীৰ পৰা আনিবলৈ গৈ পুখুৰীত পিছলি পৰি তেওঁৰ সলিল সমাধি ঘটে।

এই ঘটনাই শিশুটিৰ ঘৰখনক শোকত ভাঙি পেলোৱাৰ লগতে সমগ্ৰ নামনি মাজুলীবাসীকে শোকাকুল কৰি তুলিছে।