NORTHEAST NOW (Assamese)
Popular Stories

বিয়াৰ পিছত আশীৰ্বাদ বিচাৰি কামাখ্যা মন্দিৰত বলীউদ তাৰকা ৰাকুল প্ৰীত আৰু জেকী ভগনানী

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী March 7, 2024 2:51 pm
বিয়াৰ পিছত আশীৰ্বাদ বিচাৰি কামাখ্যা মন্দিৰত বলীউদ তাৰকা ৰাকুল প্ৰীত আৰু জেকী ভগনানী

সদ্য বিবাহিত দম্পতী বলীউদ অভিনেত্ৰী ৰাকুল প্ৰীত সিং আৰু তেওঁৰ স্বামী জেকী ভগনানীয়ে পৰিয়ালৰ সৈতে গুৱাহাটীৰ কামাখ্যা মন্দিৰত উপস্থিত হৈ মা কামাখ্যাৰ আশীৰ্বাদ লয়।

ইয়াৰ পূৰ্বে গোৱাত বিয়া সম্পন্ন কৰাৰ পিছত তাৰকা নৱ দম্পতিয়ে অমৃতসৰৰ স্বৰ্ণ মন্দিৰলৈ গৈছিল।

৭ মাৰ্চত ৰাকুল প্ৰীতে নিজৰ ইনষ্টাগ্ৰাম ষ্ট’ৰীত পবিত্ৰ কামাখ্যা মন্দিৰত তেওঁ আৰু স্বামী জেকীৰ এখন ছবি শ্বেয়াৰ কৰাৰ লগতে কেপচনত লিখিছে, ‘ধন্য হ’লো’।  তেওঁ লগতে হাৰ্ট আৰু হাতযোৰ কৰা ইমোজি শ্বেয়াৰ কৰে।

পৰৱৰ্তী আন এখন ফটোত এই যুটিটোৰ লগত যোগ দিছে তেওঁলোকৰ পিতৃ-মাতৃয়ে।

লগতে পঢ়কঃ এজন ব্যক্তিয়ে ২১৭ বাৰ গ্ৰহণ কৰিছিল কৰ’নাৰ ভেকচিন! তাৰ পিছত কি হ’ল?

উল্লেখ্য দুবছৰমান প্ৰেমৰ সম্পৰ্কত থকাৰ পিছত অৱশেষত ২১ ফেব্ৰুৱাৰীত গোৱাৰ আইটিচি গ্ৰেণ্ডত পৰিয়াল, আত্মীয়, ঘনিষ্ঠ বন্ধু আৰু উদ্যোগৰ সহযোগীসকলৰ উপস্থিতিত ৰাকুল প্ৰীত আৰু জেকীয়ে বিবাহপাশত আবদ্ধ হয়।