NORTHEAST NOW (Assamese)
আন্ত: ৰাষ্ট্ৰীয়

ৰাছিয়া-ইউক্ৰেইন যুদ্ধ: ইউক্ৰেইন ত্যাগৰ লক্ষ্যৰে ৮ কিলোমিটাৰ খোজকাঢ়ি পোলেণ্ড সীমান্তলৈ ৪০ ভাৰতীয় শিক্ষাৰ্থী

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী February 25, 2022 6:57 pm
Indian Students Walk To Poland Border

ইউক্ৰেইনত এতিয়া যুদ্ধৰ আতংক। যুদ্ধৰ দাবানলে আতংকিত কৰিছে দেশখন। যুদ্ধৰ বিভীষিকাই জৰ্জৰ কৰি তোলা ইউক্ৰেইনত আৱদ্ধ হৈ আছে শিক্ষাৰ্থীসহ সহস্ৰাধিক ভাৰতীয়।

শেহতীয়াকৈ যুদ্ধময় ইউক্ৰেইনৰ পৰা প্ৰাণৰক্ষাৰ তাগিদাত ৪০ জন ভাৰতীয় শিক্ষাৰ্থীয়ে ৮ কিলোমিটাৰ খোজকাঢ়ি পোলেণ্ড সীমান্ত অভিমুখী হোৱাৰ খবৰ পোৱা গৈছে।

সংবাদ সংস্থা ANI ত প্ৰকাশিত প্ৰতিবেদন অনুসৰি মহাবিদ্যালয়ৰ পৰিবহণ ব্যৱস্থাৰ অন্তৰ্গত বাছৰ পৰা নমাৰ পাছতে ৪০ গৰাকী ভাৰতীয় শিক্ষাৰ্থীয়ে প্ৰায় ৮ কিলোমিটাৰ খোজকাঢ়ি ইউক্ৰেইন-পোলেণ্ড সীমান্ত অভিমুখে ৰাওনা হৈছে।

ৰাছিয়াৰ আক্ৰমণৰ ফলশ্ৰুতিত ইউক্ৰেইনৰ আকাশসীমা বন্ধ কৰি দিয়াৰ বাবে পোলেণ্ডৰ সীমান্তৰ পৰা ৭০ কিলোমিটাৰ দূৰত থকা লভিভৰ এখন চিকিৎসা মহাবিদ্যালয়ৰ এই শিক্ষাৰ্থীসকলে ইউক্ৰেইনৰ চুবুৰীয়া দেশসমূহৰ পৰাই দেশলৈ পত্যাৱৰ্তন কৰাৰ লক্ষ্যৰে এই পদক্ষেপ গ্ৰহণ কৰা বুলি জানিব পৰা গৈছে।

পোলেণ্ড-ইউক্ৰেইন সীমান্তলৈ দীঘলীয়া খোজ কাঢ়ি যোৱা এজন ভাৰতীয় শিক্ষাৰ্থীয়ে শ্বেয়াৰ কৰা এটা ভিডিঅ’ত শিক্ষাৰ্থীসকলে এটা জনশূণ্য পথেৰে দল বান্ধি খোজকাঢ়ি যোৱা দেখিবলৈ পোৱা গৈছে।

উল্লেখ্য যে ইউক্ৰেইনত প্ৰায় ১৬,০০০ ভাৰতীয় নাগৰিক আছে আৰু ইয়াৰে অধিকাংশই শিক্ষাৰ্থী বুলি জানিব পৰা গৈছে।

ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে পশ্চিম ইউক্ৰেইনৰ লভিভ আৰু চেৰনিভটচিত ভাৰতীয় সকলৰ সহায়ৰ অৰ্থে শিবিৰ স্থাপন কৰিছে।

পোলেণ্ড অভিমুখী শিক্ষাৰ্থীসকলক সহায়ৰ বাবে বৈদেশিক মন্ত্ৰালয়ে এই শিবিৰসমূলৈ ৰাছিয়ান ভাষী বিষয়া প্ৰেৰণ কৰিছে বুলি সদৰি কৰা হৈছে।