NORTHEAST NOW (Assamese)
দেশ

সংসদ প্ৰৱেশ কৰি কি ক’লে অযোধ্যাৰ বিজেপি প্ৰাৰ্থীক পৰাজিত কৰা সমাজবাদী পাৰ্টীৰ প্ৰাৰ্থী আৱাধেশ প্ৰসাদে?

Posted by: নৰ্থ ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ ইষ্ট নাও, গুৱাহাটী June 24, 2024 7:50 pm

আজিৰে পৰা আৰম্ভ হৈছে ১৮ সংখ্যক লোকসভাৰ প্ৰথম বিশেষ অধিৱেশন। সোমবাৰে মুঠ ২৮০জন সাংসদে শপত গ্ৰহণ কৰিছে আৰু মঙলবাৰে ২৬৪জন সাংসদে শপত গ্ৰহণ কৰিব।

একে সময়তে অযোধ্যাৰ পৰা বিজেপিক পৰাস্ত কৰা সমাজবাদী পাৰ্টিৰ নতুন সাংসদ আৱাধেশ প্ৰসাদেও প্ৰথমবাৰৰ বাবে সদনত প্ৰৱেশ কৰে। সংবাদ মাধ্যমক সম্বোধন কৰি আৱাধেশ প্ৰসাদে কয় যে তেওঁ ফৈজাবাদৰ দেৱতুল্য ভোটাৰৰ আশা পূৰণ কৰিব।

প্ৰসাদে কয় যে আমাৰ এজেণ্ডা সম্পৰ্কে এতিয়াই সিদ্ধান্ত লোৱা হ’ব। অযোধ্যাৰ বাবে আমাৰ বহু ভাল পৰিকল্পনা আছে।

আজিৰ পৰা আৰম্ভ হোৱা লোকসভাৰ ১৮ সংখ্যক অধিৱেশনত অংশগ্ৰহণ কৰিবলৈ আখিলেশ যাদৱৰ হাতত ধৰি যায় আৱাধেশ প্ৰসাদে।

সোমবাৰে ১৮ নং লোকসভাৰ অস্থায়ী অধ্যক্ষ হিচাপে শপত গ্ৰহণ কৰে সাতবাৰৰ সাংসদ ভৰত্ৰিহৰী মাহতাবে। ৰাষ্ট্ৰপতি ভৱনত শপত গ্ৰহণ কৰে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে।

শপত গ্ৰহণ কৰি গৌৰৱ গগৈয়ে কয় যে শাসকীয় দলে নিজৰ অহংকাৰ পাহৰা নাই। আমি দেখিবলৈ পাওঁ যে তেওঁলোকে দেশৰ বিষয়বোৰক আওকাণ কৰিছে।