NORTHEAST NOW (Assamese)
Popular Stories

নন্দিতা শইকীয়াৰ হত্যাকাণ্ডৰ চাৰ্জশ্বীট দাখিল

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী September 27, 2021 3:42 pm
400 Paged Chargesheet Filed In Nandita Saikia Murder Case

এমাহ পূৰ্বে ধেমাজিৰ নন্দিতা শইকীয়াৰ জঘন্য হত্যাকাণ্ডৰ বিৰুদ্ধে বহু প্ৰতীক্ষিত চাৰ্জশ্বীট দাখিল কৰা হৈছে।

ভয়ংকৰ হত্যাকাণ্ডৰ ৩৬ দিনৰ পিছত ধেমাজি আৰক্ষীয়ে সোমবাৰে ৪০০ পৃষ্ঠাৰ চাৰ্জশ্বীট দাখিল কৰিছে।

অভিযুক্ত হত্যাকাৰী ৰিন্টু শৰ্মাৰ ওপৰত আইপিচিৰ ৩৪২/৩২৪/৩০৭/৩০২ ধাৰা জাৰি কৰা হৈছে।

ধেমাজিৰ নন্দিতা শইকীয়াৰ হত্যাৰ গোচৰত ৰিন্টু শৰ্মাৰ বিৰুদ্ধে সোমবাৰে ৪০ জনৰো অধিক লোকৰ স্বাক্ষৰসহ চাৰ্জশ্বীট  দাখিল কৰা হৈছে।

স্মৰ্তব্য যে ২১ আগষ্টত নন্দিতা শইকীয়া আৰু তেওঁৰ বন্ধু কাশ্মীৰী দত্ত মৰিঢল মহাবিদ্যালয়ৰ পৰা ঘৰলৈ উভতি আহোঁতেই হঠাতে একেখন মহাবিদ্যালয়ৰ পুথিভঁৰাল সহায়ক ৰিংকু শৰ্মাই দিনদূপৰতে দুয়োগৰাকী ছোৱালীকে ৰাস্তাৰ মাজত ছুৰিকাঘাত কৰিছিল।

এই ভয়ানক আক্ৰমণৰ ফলত নন্দিতা শইকীয়াই ২৫ আগষ্টত শেষ নিশ্বাস ত্যাগ কৰে।

গোটেই অসমজুৰি এই ঘৃণনীয় হত্যাকাণ্ডটোৰ বিৰুদ্ধে প্ৰতিবাদ কৰাৰ পাছতেই আৰক্ষীয়ে ঘাতক ৰিংকু শৰ্মাক আটক কৰিছিল।

অসমৰ বিভিন্ন দল-সংগঠন তথা জনসাধাৰণে হত্যাকাৰী ৰিংকু শৰ্মাৰ কঠোৰ শাস্তি দাবী কৰিছে।