NORTHEAST NOW (Assamese)
অসম

বহিৰাগত পথ নিৰ্মাণকাৰী সংস্থাৰ ধৃষ্টতা, ভাঙি পেলালে অসমীয়াৰ স্বাভিমান শৰাই

Posted by: ৰিদিপ শৰ্মা,কলিয়াবৰ Updated by: ৰিদিপ শৰ্মা,কলিয়াবৰ September 27, 2021 3:50 pm

চাৰিলেনযুক্ত পথনিৰ্ম‍াণৰ ন‍ামত অসমীয়াৰ কল‍া- সংস্কৃতি স্বাভিমানৰ ওপৰত পুনৰ কুঠাৰঘাত বহিৰাগত পথ নিৰ্মাণকাৰী সংস্থাৰ।

চামগুৰিৰ গৌৰৱ তথা সকলোৰে চিৰপৰিচিত পকী শৰাই, জাপী, পেঁপা, তাল সম্বলিত প্ৰতীক চিহ্নক ৰাইজৰ অগোচৰে চাৰিলেন যুক্ত পথনিৰ্মাণকাৰী সন্থাই ভাঙি পেলোৱাক কেন্দ্ৰ কৰি সম্প্ৰতি ক্ষোভৰ অগ্নি জ্বলিছে চামগুৰিৰ সৰ্বত্ৰে।

এই সময়তে উপস্থিত হয়হি চামগুৰি সমষ্টিৰ বিধায়ক ৰকিবুল হুছেইন।

এই ক্ষেত্ৰত চৰকাৰে কোনো পদক্ষেপ নল’লে নিজাববীয়াকৈ পদক্ষেপ লব বুলি জানিবলৈ দিয়ে বিধায়ক জনে।

আনহাতে দুৰ্ভাগ্যজনক ঘটনাটোৰ সন্দৰ্ভত পৰিস্থিতিৰ বুজ ল’বলৈ চামগুৰিত উপস্থিত হয় পীয়ূষ হাজৰিকা আৰু নগাঁও জিলাৰ উপায়ুক্ত কভিথা পদ্মনাভন সহ বিজেপিৰ দলীয় নেতা কৰ্মী।

স্থানীয় ৰাইজৰ সৈতে আলোচনা কৰি পুনৰ সংস্থাপিত কৰাৰ আশ্বাস প্ৰদান কৰাৰ লগতে ফ’ৰ লেন কৰ্তৃপক্ষৰ গাফিলতিৰ ফলত ভাঙি যোৱা অসমীয়াৰ স্বাভিমানৰ প্ৰতীকস্বৰূপ শৰাইখন সঠিক স্থানত ৰখাৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলি জানিবলৈ দিয়ে ৷