NORTHEAST NOW (Assamese)
দেশ

সাময়িক সকাহ: শ্ৰীলংকাত উপস্থিত ভাৰতৰ ৪০,০০০ মেট্ৰিক টন ডিজেল ইন্ধন সাহায্য

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী April 3, 2022 8:11 am
India supply to Sri Lanka

বৈদেশিক মুদ্ৰাৰ অভাৱৰ ফলত এক অভূতপূৰ্ব অৰ্থনৈতিক আৰু শক্তি সংকটৰ সন্মুখীন হোৱা শ্ৰীলংকাক সাময়িক সকাহ যোগাইছে ভাৰতে। ভাৰতে প্ৰেৰণ কৰা ৪০,০০০ মেট্ৰিক টন ডিজেল ইন্ধন সাহায্য শনিবাৰে দ্বীপৰাষ্ট্ৰখনত উপস্থিত হয়।

তীব্ৰ শক্তি সংকটৰ বাবে বৃহস্পতিবাৰে শ্ৰীলংকাত ১৩ ঘণ্টাতকৈও অধিক সময় ধৰি বিদ্যুৎ কৰ্তন কৰা হৈছিল। ই ১৯৯৬ চনৰ পিছত আটাইতকৈ দীঘলীয়া বিদ্যুৎ কৰ্তন হিচাপে পৰিগণিত হৈছিল।

ৰাজ্যিক ইন্ধন সংস্থা চিলন ইলেকট্ৰিচিটি ব’ৰ্ডৰ (চিইবি) বিষয়াসকলে কয় যে ভাৰতীয় ডিজেল যোগানৰ ফলত চলিত বিদ্যুৎ কৰ্তন হ্ৰাস হ’ব। শনিবাৰে দেশখনত ৮.৫ ঘণ্টাতকৈ অধিক সময়ৰ বাবে বিদ্যুৎ কৰ্তন কৰা হৈছিল।

শ্ৰীলংকালৈ ইন্ধন সাহায্য প্ৰেৰণ সন্দৰ্ভত ভাৰতীয় উচ্চআয়োগে টুইট কৰি কয়, “ভাৰতে শ্ৰীলংকাক অধিক ইন্ধন যোগান ধৰিছে! আজি শ্ৰীলংকাৰ মাননীয় শক্তি মন্ত্ৰী গামিনী লোকুজক উচ্চায়ুক্তই ৫০০ মিলিয়ন ডলাৰৰ ঋণ ৰেখাৰ জৰিয়তে ভাৰতীয় সাহায্যৰ অধীনত ৪০,০০০ মেট্ৰিক টন ডিজেলৰ সাহায্য হস্তান্তৰ কৰে।”

ভাৰতে শেহতীয়াকৈ ঘোষণা কৰিছে যে অৰ্থনৈতিক সংকটৰ মোকাবিলা কৰিবলৈ ভাৰতে শ্ৰীলংকালৈ বিত্তীয় সাহায্যৰ অংশ হিচাপে ১ বিলিয়ন আমেৰিকান ডলাৰ ঋণ প্ৰদান কৰিব।

উচ্চআয়োগে এক টুইটযোগে কয়, “এলঅ’চিৰ অধীনত এয়া হৈছে চতুৰ্থটো সাহায্য। যোৱা ৫০ দিনত ভাৰতৰ পৰা শ্ৰীলংকাক প্ৰদান কৰা ইন্ধন হৈছে প্ৰায় ২০০,০০০ টন।”

ইণ্ডিয়ান অইল কৰ্পোৰেচন (আইঅ’চি)ৰ লংকান সহায়ক সংস্থা এলআইঅ’চিৰ পৰা যোগান লাভ কৰাৰ পিছত চিইবিয়ে কেৰাৱালাপিটিয়া তাপ বিদ্যুৎ প্ৰকল্পত বিদ্যুৎ বিক্ৰী কাৰ্যকলাপ পুনৰ আৰম্ভ কৰাৰ কথাও ঘোষণা কৰে।

এল.আই.ও.চি.-য়ে তাপ প্ৰকল্পটোলৈ ৬,০০০ মেট্ৰিক টন ডিজেল যোগান ধৰিব।

শ্ৰীলংকা বৰ্তমান ইতিহাসৰ আটাইতকৈ ভয়াৱহ অৰ্থনৈতিক সংকটৰ সন্মুখীন হৈছে। ইন্ধন, ৰন্ধন গেছ, অত্যাৱশ্যকীয় সামগ্ৰীৰ কম যোগান আৰু দীঘলীয়া সময়ৰ বিদ্যুৎ কৰ্তনৰ বাবে দ্বীপৰাষ্ট্ৰখনত অস্থিৰতাৰ সৃষ্টি হৈছে।