NORTHEAST NOW (Assamese)
দেশ

বিত্তীয় অনিয়ম: তিনি দিনৰ বাবে চিবিআইৰ জিম্মালৈ আই.চি.আই.চি.আই বেংকৰ প্ৰাক্তন চিইঅ’ চন্দা কোছাৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী December 24, 2022 8:41 pm
Chanda Kochhar

বিত্তীয় লেনদেনত অনিয়মৰ অভিযোগত কালি গ্ৰেপ্তাৰৰ সন্মুখীন হোৱা আই.চি.আই.চি.আই বেংকৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী বিষয়া চন্দা কোছাৰ আৰু তেওঁৰ স্বামী দীপক কোছাৰক আজি মুম্বাইৰ এখন বিশেষ আদালতে তিনি দিনৰ বাবে কেন্দ্ৰীয় তদন্ত সংস্থা চিবিআই- ৰ জিম্মালৈ প্ৰেৰণ কৰে।

কালি দুয়োগৰাকীকে গ্ৰেপ্তাৰ কৰাৰ পাছত আজি চিবিআই- এ আদালতত হাজিৰ কৰে আৰু তদন্তৰ সময়ত তেওঁলোকে সহযোগ নকৰাৰ বাবে দুয়োকে গ্ৰেপ্তাৰ কৰা হৈছে বুলি আদালতক অৱগত কৰে।

উল্লেখ্য যে কোছাৰ আই.চি.আই.চি.আই বেংকৰ মুৰব্বী হৈ থকাৰ সময়ত ভিডিঅ’কন গ্ৰুপক প্ৰদান কৰা ৩ হাজাৰ কোটিতকৈ অধিক টকাৰ ঋণত অনিয়মৰ অভিযোগ উত্থাপন হৈছিল।

৫৯ বছৰীয়া চন্দা কোছাৰৰ বিৰুদ্ধে কনজিউমাৰ ইলেক্ট্ৰনিকছ আৰু তেল আৰু গেছ অন্বেষণ কোম্পানী ভিডিঅ’কন গ্ৰুপৰ পক্ষ লোৱাৰ অভিযোগ উঠিছিল।

এই অভিযোগৰ পাছতে কোছাৰে ২০১৮ চনৰ অক্টোবৰ মাহত আই.চি.আই.চি.আই বেংকৰ মুখ্য কাৰ্যবাহী আৰু মেনেজিং ডাইৰেক্টৰ পদ ত্যাগ কৰিছিল। আই.চি.আই.চি.আই- এ এবছৰৰ পাছত কোছাৰে বেংকৰ আচৰণ বিধি আৰু আভ্যন্তৰীণ নীতি উলংঘা কৰা বুলি অভিযোগ কৰিছিল।

২০১২ চনত ভিডিঅ’কন গ্ৰুপক ৩,২৫০ কোটি টকা ঋণ প্ৰদানৰ অভিযোগত চিবিআই- এ চন্দা কোছাৰৰ বিৰুদ্ধে অপৰাধমূলক ষড়যন্ত্ৰ আৰু প্ৰতাৰণা কৰাৰ অভিযোগ উত্থাপন কৰিছিল। এই লেনদেনৰ ফলত চন্দা কোছাৰৰ স্বামী দীপক কোছাৰ আৰু তেওঁৰ পৰিয়ালৰ সদস্যসকল লাভৱান হোৱাৰ অভিযোগ উত্থাপিত হৈছিল।

অভিযোগ অনুসৰি ভিডিঅ’কনৰ প্ৰাক্তন অধ্যক্ষ ভেনুগোপাল ধূটে ভিডিঅ’কন গ্ৰুপক আই.চি.আই.চি.আই বেংক ঋণ প্ৰদান কৰাৰ কেইমাহমানৰ পাছত দীপক কোছাৰে প্ৰতিষ্ঠা কৰা কোম্পানী ‘নুপাৱাৰ ৰিনিউৱেবলছ’ত কোটি কোটি টকা বিনিয়োগ কৰাৰ অভিযোগ উত্থাপন হৈছিল।

চিবিআইৰ অভিযোগ মতে চন্দা কোছাৰ সদস্য হিচাপে থকা এখন কমিটীয়ে ভিডিঅ’কন গ্ৰুপৰ বাবে এই ঋণ মুকলি কৰিছিল। চিবিআইৰ মতে কোছাৰে নিজৰ চৰকাৰী পদৰ অপব্যৱহাৰ কৰিছিল আৰু ভিডিঅ’কনক ৩০০০ কোটি টকা অনুমোদন দিয়াৰ বাবে ধূটৰ পৰা স্বামীৰ জৰিয়তে অবৈধ সুবিধা লাভ কৰিছিল।

অৱশ্যে উত্থাপিত এই অভিযোগ অস্বীকাৰ কৰি আহিছে চন্দা কোছাৰে।