NORTHEAST NOW (Assamese)

আজিও দেশৰ লাখ লাখ ল’ৰা-ছোৱালীয়ে স্কুলৰ মুখ দেখা নাই : মুকেশ সাহাই

September 13, 2018 5:02 pm · এন ই নাও নিউজ

‘ছাত্র-ছাত্ৰীৰ বহু সপোন থাকে। এই সপোন ভৱিষ্যৎ উজ্জ্বল হোৱাৰ সপোন হ’ব লাগে। ছাত্র-ছাত্ৰীসকলে শিক্ষা লাভ কৰক আৰু সেই শিক্ষাক প্ৰকৃত কামত লগাওক।’- এই মন্তব্য বিশিষ্ট সাহিত্যিক তথা অসম আৰক্ষীৰ প্ৰাক্তন সঞ্চালক প্ৰধান হৰেকৃঞ্চ ডেকাৰ।

বুধবাৰে অৰ্থাৎ ১২ ছেপ্টেম্বৰত নগাঁও চহৰৰ অন্যতম আগশাৰীৰ শিক্ষানুষ্ঠান কনচেপ্ট কনিষ্ঠ মহাবিদ্যালয়ৰ নৱাগত আদৰণি অনুষ্ঠান উপলক্ষে নগাঁও জিলা পুথিভঁৰালত অনুষ্ঠিত মুকলি সভাত মুখ্য অতিথি হিচাপে অংশ গ্ৰহণ কৰি হৰেকৃঞ্চ ডেকাই কয় — ”জীৱনটো এটা শিক্ষানুষ্ঠানৰ দৰে। প্ৰকৃতি আমাৰ শিক্ষক। আমাৰ প্ৰধান শিক্ষক হ’ল মাতৃ। অকল স্কুলীয়া, কলেজীয়া শিক্ষাই সম্পূৰ্ণ শিক্ষা নহয়। বাহিৰা শিক্ষাও আমাক লাগিব। জীৱনৰ সৰু-সৰু কথাবোৰেই আমাক শিক্ষা দিব পাৰে।”

তাৰোপৰি বিশিষ্ট সাহিত্যিকগৰাকীয়ে উপনিষদৰ প্ৰসংগ উল্লেখ কৰি কয় যে, ”ব্ৰহ্মজ্ঞান সত্যৰ অন্বেষণৰ জৰিয়তে লাভ কৰিব পাৰি।”

মহাবিদ্যালয়খনৰ পৰিচালনা সমিতিৰ সভাপতি ডাঃ নৱজ্যোতি বৰাই সভাপতিত্ব কৰা সভাত অসম আৰক্ষীৰ আন এগৰাকী প্ৰাক্তন সঞ্চালক প্ৰধান মুকেশ সাহাই কয়, ”শিক্ষা এক জীৱন জোৰা প্ৰক্ৰিয়া। শিক্ষা গ্ৰহণৰ কোনো অন্ত নাই। সু-শিক্ষা গ্ৰহণ কৰি আমি আগুৱাই যাব‌ই লাগিব। অকল গতানুগতিক প্ৰক্ৰিয়াত শিক্ষা গ্ৰহণত ক্ষান্ত নাথাকি, খেলা-ধুলা, সাহিত্য, সংস্কৃতি আদি দিশত আগুৱাই যাব লাগিব।”

তাৰোপৰি প্ৰাক্তন আৰক্ষী সঞ্চালক প্ৰধান মুকেশ সাহাই আধুনিক শিক্ষা ব্যৱস্থাৰ প্ৰসংগত আশ্চৰ্য প্ৰকাশ কৰি কয়, ‘আজিও দেশৰ লাখ লাখ ল’ৰা-ছোৱালীয়ে স্কুলৰ মুখ দেখা নাই। যিটো আমাৰ দেশৰ কাৰণে খুবেই দুৰ্ভাগ্যজনক।’

তাৰোপৰি ছাত্ৰ-ছাত্ৰীক উদ্দ্যশ্যি মুকেশ সাহাই কয় যে জীৱনত অহা অভাৱ-অভিযোগ বোৰ সমস্যা হিচাপে ল’ব নালাগে, প্ৰত্যাহ্বান হিচাপে ল’ব লাগে। ইয়াৰ কাৰণে লাগে মাত্ৰ সকাৰাত্মক চিন্তা। মানুহ জন্ম হ‌ওতে কোনো সমস্যা লৈ নাহে বুলি উল্লেখ কৰি তেওঁ কয় – ”যেনেকৈ শিশু সদায় সাকাৰাত্মক, তেনেকৈ আমি সকলোৱে সাকাৰাত্মক দৃষ্টিভংগীৰে আগুৱাই যাব লাগে। মানুহৰ জীৱনত বিফলতা আৰু সফলতা দুটা বস্তু থাকে। দুয়োটা প্ৰায় একেই। কিন্তু ইয়াক যদি হাৰ মানি লোৱা হয়, তেন্তে সি সদায় ঋনাত্মক।”

মহাবিদ্যালয়ৰ অধ্যাপক দীপ বৰাই আঁ‌ত ধৰা অনুষ্ঠানত শিক্ষাবিদ, সাহিত্যিক ডাঃ খৰ্গেশ্বৰ ভূঞা, অধ্যাপক হলিৰাম হাজৰিকা, ভানুৰমা বৰাকে ধৰি কেইবাগৰাকী বিশিষ্ট ব্যাক্তিয়ে অংশগ্ৰহণ কৰে। অনুষ্ঠানৰ আৰম্ভণীতে ছাত্ৰ-ছাত্ৰীসকলে সমবেত সংগীত পৰিৱেশন কৰে। ইয়াৰ আগতে পুৱা মহাবিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী সকলে নগাঁও চহৰত এক বৰ্ণিল তথা আকৰ্ষণীয় শোভাযাত্ৰা উলিয়ায়।

Related News