NORTHEAST NOW (Assamese)

৪২ ঘন্টা পাৰ হৈ গ’ল : এতিয়াও ১৫০ ফুট দ কুঁৱাত আৱদ্ধ কণমানি আৰিয়ান

December 11, 2024 11:41 am · নৰ্থ ইষ্ট নাও, গুৱাহাটী

৪২ ঘন্টা পাৰ হৈ গ’ল। এতিয়াও উদ্ধাৰ কৰিব পৰা নাই ১৫০ ফুট দ গাঁতত আবদ্ধ হৈ থকা ৫ বছৰীয়া আৰিয়ানক। বিফল হৈছে আৰক্ষী আৰু বিশেষজ্ঞৰ সকলো প্ৰচেষ্টা।

জানিব পৰা মতে, সকলো চেষ্টাত বিফল হৈ আৰিয়ান আাৱদ্ধ হৈ থকা মূল গাঁতটোৰ কাষতে আন এটা গাঁত খান্দি উদ্ধাৰৰ চেষ্টা কৰা হৈছে।

উল্লেখ্য যে উদ্ধাৰকাৰী দলৰ বাবে এয়াই শেষ উপায়।

যোৱা সোমবাৰে ৰাজস্থানৰ দৌছাৰ কালিখাৰ গাঁৱত মাতৃৰ সৈতে পথাৰৰ মাজেৰে গৈ আছিল আৰিয়ান নামৰ শিশুটি। সেই সময়ত টিউব ৱেল ইনষ্টলেচন ব’ৰৱেলৰ ওচৰত খেলি থাকোঁতে গাঁতত সোমাই যায় শিশুটি।

শিশুটিৰ ঘৰৰ পৰা মাত্ৰ ১০০ মিটাৰ দূৰত্বত সংঘটিত হয় এই দুৰ্ঘটনা। লগে লগে শিশুটিৰ মাতৃয়ে গাঁৱলৈ আহি এই ঘটনাৰ খবৰ দিয়ে।

তাৰপিছত ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনীয়ে শিশুটিক উদ্ধাৰ কৰিবলৈ অভিযান চলায়। পাইপৰ জৰিয়তে শিশুটিলৈ অক্সিজেন প্ৰেৰণ কৰা হয়। কিন্তু এতিয়ালৈকে শিশুটিক উদ্ধাৰ কৰিব পৰা নাই উদ্ধাৰকাৰীৰ দলে।

Related News