NORTHEAST NOW (Assamese)

ত্ৰিপুৰাত ক’ৰ’নাৰ পৰা আৰোগ্য লাভৰ সংখ্যা ৪২ গৰাকীলৈ বৃদ্ধি

May 16, 2020 11:39 am · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক ফটো

শুকুৰবাৰে ত্ৰিপুৰাত ক’ৰ’না ভাইৰাছত আক্ৰান্ত হোৱা ১৩ গৰাকী বি এছ এফৰ জোৱানক চিকিৎসালয়ৰ পৰা মুকলি কৰি দিয়া হয়।

ইয়াকে লৈ বৰ্তমান ত্ৰিপুৰাত ক’ৰ’নাৰ পৰা আৰোগ্য হৈ উঠা ব্যক্তিৰ সংখ্যা ৪২ গৰাকীলৈ বৃদ্ধি পাইছে।

শুকুৰবাৰে ত্ৰিপুৰাৰ আগৰতলাৰ গোবিন্দ বল্লভ পণ্ট হস্পাতালৰ পৰা বি এছ এফৰ জোৱান কেইগৰাকীক মুকলি কৰি দিয়া হয়।

বি এছ এফৰ তৰফৰ পৰা চিকিৎসালয়ৰ চিকিৎসাকৰ্মীসকলক শুভেচ্ছা জ্ঞাপন কৰা হয়।

‘‘আমি মানুহৰ বাবে সেৱা কৰিব পাৰি সুখী অনুভৱ কৰিছো,’’ ড০ প্ৰদীপ ভৌমিক নামৰ চিকিৎসালয়খনৰ এগৰাকী জেষ্ঠ চিকিৎসকে এইদৰে কয়।

চিকিৎসক গৰাকীয়ে ভয়ৰ কোনো কাৰণ নাই বুলি উল্লেখ কৰি কোভিড-১৯-ৰ বিৰুদ্ধে যুঁজখনত জনসাধাৰণৰ জয় হ’ব বুলি কয়।

শুকুৰবাৰ দিনটোত ত্ৰিপুৰাত ১৩ গৰাকী ক’ৰ’না আক্ৰান্তক চিকিৎসালয়ৰ পৰা মুকলি কৰি দিলেও একেদিনাই ৰাজ্যখনত পুনৰ ১১ গৰাকী ব্যক্তিৰ শৰীৰত ক’ৰ’নাৰ উপস্থিতি ধৰা পৰে।

নতুন কৈ ক’ৰ’না আক্ৰান্ত হোৱা ১১ গৰাকী ব্যক্তিৰ ভিতৰত ৭ গৰাকী ৮৬ বেটেলিয়ানৰ বি এছ এফৰ জোৱান হোৱাৰ বিপৰীতে দুগৰাকী বহিঃৰাজ্যৰ পৰা অহা ট্ৰাক ড্ৰাইভাৰ আৰু দুগৰাকী সাধাৰণ নাগৰিক।

Related News