NORTHEAST NOW (Assamese)

অসম আৰক্ষীৰ ৪৪ গৰাকী জোৱান কোভিড-১৯ত আক্ৰান্ত

June 29, 2020 9:35 am · এন ই নাও নিউজ
Updated: June 29, 2020 10:32 am
প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ

ৰাজ্যত এই পৰ্যন্ত অসম আৰক্ষীৰ ৪৪ গৰাকী জোৱান কোভিড-১৯ত আক্ৰান্ত হৈছে। কুৱাৰেণ্টাইনত আছে মুঠ ১১২৭ গৰাকী জোৱান।

অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান (আইন শৃংখলা) জি পি সিঙে সদৰী কৰিছে এই কথা।

শনিবাৰে নিশা এক টুইত যোগে এই কথা জানিবলৈ দি তেওঁ কয়, ’২৮ এপ্ৰিললৈকে অসম আৰক্ষীৰ ৪৪ গৰাকী কৰ্মীৰ দেহত কোভিড-১৯ ধৰা পৰিছে। ১১২৭ গৰাকী জোৱান কুৱাৰেণ্টাইনত আছে। তেওঁলোক আটাইয়ে মনোবল দাঠ কৰি ৰাখিছে।‘

উল্লেখযোগ্য যে অসমত এই পৰ্যন্ত মুঠ ৭৪৯২ গৰাকী ব্যক্তি ক’ৰ’না ভাইৰাছত আক্ৰান্ত হৈছে। দেওবাৰৰ দিনটোত একেলগে ৩২৭ গৰাকী লোকৰ দেহত কোভিড-১৯ ধৰা পৰে।

অসমত ৫০৮৮ জন ব্যক্তি এই পৰ্যন্ত আৰোগ্য হৈ উঠিছে। ৰাজ্যত বৰ্তমান সক্ৰিয় ৰোগীৰ সংখ্যা হৈছে ২৩৯০ জন।

অসমত কোভিড-১৯ৰ ফলত এতিয়ালৈকে ১১ গৰাকী লোকৰ মৃত্যু ঘটিছে।

গুৱাহাটী মহানগৰীত যোৱা ২৪ ঘণ্টাৰ ভিতৰত ১৯৫ গৰাকী লোক ক’ৰ’নাত আক্ৰান্ত হৈছে। ক’ৰ’নাৰ দ্ৰুত সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি আজি পুৱাৰ পৰা ১২ জুলাই লৈকে গুাৱাহাটীত সম্পূৰ্ণ লকডাউন বাহাল থাকিব।

Related News