NORTHEAST NOW (Assamese)
অসম

ITBPত ৪৫ গৰাকী ক’ভিড-১৯ পজিটিভ, CAPFত এতিয়ালৈকে মুঠ ২৯৮

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 5, 2020 11:20 pm
COVID-19: 14 from BSF released from hospital on Wednesday

ইণ্ড’ তিবেতান ব’ৰ্ডাৰ পুলিচত ক’ভিড-১৯ আক্ৰান্তৰ সংখ্যা মঙলবাৰে ৪৫ গৰাকীলৈ বৃদ্ধি পাইছে।

হিন্দুস্তান টাইমছৰ বাতৰি মতে বাহিনীটোৱে ইয়াৰ দিল্লীৰ তিগ্ৰি কেম্প ছীল কৰিছে।

ITBPৰ ২২নং বেটেলিয়নটোৰ প্ৰায় এহাজাৰ জোৱান নিৰীক্ষণত আছে আৰু তেওঁলোকৰ ৭৬জনক কুৱাৰেণ্টাইন কৰা হৈছে।

মঙলবাৰে ২৩ গৰাকী জোৱানক ক’ভিড-১৯ পজিটিভ পোৱাৰ পিছতে শিৱিৰটো ছীল কৰাৰ সিদ্ধান্ত লোৱা হৈছিল।

যোৱা ২৮ এপ্ৰিলত বাহিনীটোত প্ৰথমটো ক’ভিড-১৯ পজিটিভৰ ঘটনা পোহৰলৈ আহিছিল।

সোমবাৰে এই সংখ্যাই ২১ চোৱাগৈ আৰু মঙলবাৰে ই ৪৫লৈ বৃদ্ধি পায়।

কেন্দ্ৰীয় সশস্ত্ৰ বাহিনীসমূহৰ মাজৰ পৰা মঙলবাৰলৈকে দেশজুৰি ৩১১টা ক’ভিড-১৯ পজিটিভৰ ঘটনা পোঽৰলৈ আহিছে, তাৰে ভিতৰত ২৯৮টা সক্ৰিয় হৈ আছে।

দিল্লীতে বাহিনীসমূহৰ বেছিভাগ জোৱান আক্ৰান্ত হৈছে।

আনহাতে ITBPএ নইডাত সকলো বাহিনীৰ লোকৰ বাবে ইয়াৰ সৰ্ববৃহৎ ক’ভিড-১৯ চিকিৎসালয় মুকলি কৰিছে।