NORTHEAST NOW (Assamese)

‘এছএলএ চি’য়ে প্ৰশিক্ষণ প্ৰদান কৰা ৪৫ গৰাকী প্ৰাৰ্থী অসম লোকসেৱা আয়োগৰ পৰীক্ষাত উত্তীৰ্ণ

December 28, 2020 7:34 am · এন ই নাও নিউজ
ছাত্ৰ আৰু যুৱ কল্যান উপদেষ্টা পৰিষদৰ বৈঠকত মুখ্যমন্ত্ৰী সোণোৱাল। ফাইল ফটো: সৌজন্য-টুইটাৰ।

ছাত্ৰ আৰু যুৱ কল্যান উপদেষ্টা পৰিষদৰ বাবে এক সুখবৰ। ২৪ ডিচেম্বৰত অসম লোকসেৱা আয়োগে ঘোষণা কৰা ২০১৮ বৰ্ষৰ ফলাফলত ছাত্ৰ আৰু যুৱ কল্যান উপদেষ্টা পৰিষদে (এছএলএচি) প্ৰশিক্ষণ প্ৰদান কৰা ১৪০ গৰাকী ছাত্ৰ-ছাত্ৰীৰ ভিতৰত ৪৫ গৰাকীয়ে সফলতা লাভ কৰিবলৈ সক্ষম হৈছে।

ৰাজ্যৰ মুখ্যমন্ত্ৰী তথা উপদেষ্টা পৰিষদৰ অধ্যক্ষ সৰ্বানন্দ সোনোৱালৰ বিশেষ নিৰ্দেশত সদস্য সচিব লক্ষ্য কোঁৱৰে ২০১৭ চনৰ পৰাই এই বিনামুলীয়া প্ৰশিক্ষণৰ ব্যৱস্থা কৰি আহিছে।

২০১৭ চনত এই প্ৰশিক্ষণ লাভ কৰা ৩৪ জনে সফলতা লাভ কৰিবলৈ সক্ষম হৈছিল। ক্ৰমাগতভাৱে উপদেষ্টা পৰিষদে তৃতীয়বাৰৰ বাবে আৰম্ভ কৰা এইবাৰৰ প্ৰশিক্ষণত প্ৰায় ১০০০ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছে।

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ দুৰ্নীতিৰ বিৰুদ্ধে শূণ্য সহণশীল ব্যৱস্থাৰ ফলতেই বিগত ২০১৮ বৰ্ষৰ দৰে এইবাৰো এ পি এচ চিৰ ফলাফল বিতৰ্কমুক্ত হোৱাৰ লগতে মেধাসম্পন্ন সকলো ছাত্ৰ-ছাত্ৰীয়ে প্ৰশাসনিক বিষয়াৰ পদ পাবলৈ সক্ষম হোৱা বুলি দেওবাৰে সংবাদমেলত উপস্থিত থকা বহুকেইজন ছাত্ৰ-ছাত্ৰীয়ে প্ৰকাশ কৰিছে।

সংবাদমেলখন সম্বোধন কৰি ছাত্ৰ আৰু যুৱ কল্যান উপদেষ্টা পৰিষদৰ সদস্য সচিব লক্ষ্য কোঁৱৰে আগন্তুক দিনত এ পি এছ চি, ইউ পি এছ চিৰ লগতে উপদেষ্টা পৰিষদে বেংক, এছ এছ চিৰো প্ৰশিক্ষণৰ দিহা কৰিব বুলি সদৰী কৰে।

লক্ষ্য কোঁৱৰৰ সৈতে সংবাদমেলত উপস্থিত থকা ১০ গৰাকী এ পি এছ চি উত্তীৰ্ণ প্ৰাৰ্থীয়ে সৰ্বানন্দ সোণোৱালৰ দুৰ্নীতি বিৰোধী স্থিতিক উষ্ম আদৰণি জনোৱাৰ লগতে যুৱ প্ৰজন্মৰ এ পি এছ চিৰ প্ৰতি মনোভাৱ ইতিবাচক হোবা বুলি মন্তব্য কৰে।

উল্লেখযোগ্য যে, এইবাৰৰ অসম লোকসেৱা আয়োগে ঘোষণা কৰা ফলাফলত ছাত্ৰ আৰু যুৱকল্যান উপদেষ্টা পৰিষদে প্ৰশিক্ষণ প্ৰদান কৰা কংকনজ্যোতি শইকীয়াই এ চি এছৰ প্ৰথম স্থান দখল কৰাৰ সমান্তৰালভাৱে জিন্তু শৰ্মাই দ্বিতীয় স্থান আৰু নিমাশ্ৰী ডাউকাই তৃতীয় স্থান দখল কৰিবলৈ সক্ষম হৈছে।

Related News