NORTHEAST NOW (Assamese)
Popular Stories

ৰাজ্যত ১৯০০ ৰ দিশে ক’ৰ’না আক্ৰান্তৰ সংখ্যা; আজিৰ দিনটোত ৪৭ গৰাকী আক্ৰান্ত

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া June 4, 2020 11:57 am
ৰাজ্যত ১৯০০ ৰ দিশে ক’ৰ’না আক্ৰান্তৰ সংখ্যা; আজিৰ দিনটোত ৪৭ গৰাকী আক্ৰান্ত

অসমত ১৮৭৭ লৈ বৃদ্ধি পালে ক’ৰ’না আক্ৰান্ত ৰোগীৰ সংখ্যা।

এই মুহূৰ্তত একেলগে ৪৭ গৰাকী লোকৰ দেহত ধৰা পৰিছে এই মাৰাত্মক ক’ৰ’না ভাইৰাছৰ উপস্থিতি।

আক্ৰান্তসকলৰ ৩৩ গৰাকী হোজাইৰ, ৬ গৰাকী ধেমাজিৰ, ৪ গৰাকী বঙাইগাঁও, ৩ গৰাকী বৰপেটা আৰু বাক্সা জিলাৰ এগৰাকী।

বৰ্তমান ১৪৫৭ গৰাকী লোক এই ক’ৰ’না ভাইৰাছত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ থকাৰ বিপৰীতে ৪১৩ জনক চিকিৎসালয়ৰ পৰা মুক্তি দিয়া হৈছে ৷

এতিয়ালৈ চাৰি গৰাকী ৰোগী মৃত্যু মুখত পৰিছে।

টুইটাৰযোগে এই কথা উল্লেখ কৰিছে স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

কালিৰ দিনটোত সৰ্বাধিক ২৬৯ গৰাকী লোক আক্ৰান্ত হৈছিল।

যোৱা ১ জুনৰ দিনটোত ১৪৬ গৰাকী লোক ক’ৰ’নাত আক্ৰান্ত হৈছিল।

যোৱা ৩০ মে’ দিনা ১৫৯ গৰাকী আক্ৰান্ত হৈছিল।

২৯ মে’ত ১৭৭ গৰাকী আক্ৰান্ত হৈছিল ক’ৰ’না ভাইৰাছত।

উল্লেখযোগ্য যে, যোৱা ১৩ মে’ ৰ পৰা আজিলৈকে মুঠ ১৭৯৬ গৰাকী লোক আক্ৰান্ত হৈছে এই মাৰাত্মক ক’ভিড-১৯ত।