NORTHEAST NOW (Assamese)
Popular Stories

গুজৰাটৰ এক ৰাসায়নিক কাৰখানাত বিস্ফোৰণ : ৮ শ্ৰমিকৰ মৃত্যু, আহত ৪০

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ June 4, 2020 12:23 pm
index

গুজৰাটৰ এটা ৰাসায়নিক কাৰখানাত সংঘটিত বিস্ফোৰণত মৃত্যু হৈছে ৮ জনকৈ শ্ৰমিকৰ।

মৃতকৰ সংখ্যা বৃদ্ধি পাব বুলিও আংশকা কৰা হৈছে।

বিস্ফোৰণতটোত আহত হৈছে অন্য ৪০ গৰাকী শ্ৰমিক।

গুজৰাটৰ ভাৰুছ জিলাৰ উদ্যোগিক এলেকা ডাহেজত অৱস্থিত বিস্ফোৰণ সংঘটিত হোৱা ৰাসায়নিক কাৰখানাটো।

‘৮ গৰাকী শ্ৰমিক ৰাসায়নিক কাৰখানাৰ ব্ৰইলাৰৰ বিস্ফোৰণত মৃত্যু হৈছে।’ পিটিআইক এইদৰে কয় স্থানীয় আৰক্ষী বিষয়া বিপুল গাগীয়াই।

‘৩৫ পৰা ৪০ গৰাকী আহত শ্ৰমিকক দগ্ধ অৱস্থাত উদ্ধাৰ কৰা হৈছে। আহত সকলোকে চিকিৎসাৰ বাবে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে আৰু জুই নিয়ন্ত্ৰণৰ বাবে চেষ্টা কৰি থকা হৈছে।’ ভাৰুছ জিলা উপায়ুক্ত এম ডি মোদীয়াই সংবাদ প্ৰতিষ্ঠান পিটিআইক কয়।

ইফালে কাৰখানাৰটো সংঘটিত বিস্ফোৰণৰ ফলত নিৰ্গত ৰাসায়নিক পদাৰ্থই দাঁতিকাষৰীয়া অঞ্চলৰ বায়ু প্ৰদূষিত কৰাৰ পৰিপ্ৰেক্ষিতত স্থানীয় গাঁৱৰ লোকসকলক সুৰক্ষিত স্থানলৈ স্থানান্তৰিত কৰা হৈছে বুলিও জিলা উপায়ুক্ত গৰাকীয়ে জনায়।

বিস্ফোৰণ সংঘটিত হোৱা ৰাসায়নিক কাৰখানাটো য়াশাশ্বী ৰাসায়ন প্ৰাইভেট লিমিটেডৰ।

কাৰখানাটোত উদ্যোগিক প্ৰতিষ্ঠানত ব্যৱহাৰ্য ১৫ বিধ ৰাসায়নিক দ্ৰব্য প্ৰস্তুত কৰা হয়।